ৰাজ্যত তিনি লাখ লোকৰ হাতত আছে ভুৱা অনুসূচিত জাতিৰ প্ৰমাণপত্ৰ

navbharat times

একমাত্ৰ নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে বৃহৎ ধনৰ বিনিময়ত বক্ৰপথেৰে অনুসূচিত জাতিৰ প্ৰমাণপত্ৰ সংগ্ৰহ কৰি ৰাজ্যৰ বৃহৎ সংখ্যক লোকে অনুসূচিত জাতিৰ বাবে সংৰক্ষিত পদত নিযুক্তি লাভ কৰিছে । এই অভিযোগ উত্থাপন কৰিছে সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাই । ৰাজ্যত প্ৰায় তিনি লাখ ভুৱা অনুসূচিত জাতিৰ প্ৰমাণপত্ৰ সংগ্ৰহ কৰা লোক আছে বুলি সংগঠনটোৱে অভিযোগ কৰি পহিলা আগষ্টৰ পৰা আৰম্ভ হ’ব লগা ‘মিছন ভূমিপুত্ৰ’ই আৰু অধিক লোকক ভুৱা প্ৰমাণপত্ৰ সংগ্ৰহৰ পথ প্ৰশস্ত কৰিব বুলি অসন্তুষ্টি প্ৰকাশ কৰে ।

এই সন্দৰ্ভত সংগঠনটোৰ সভাপতি থানেশ্বৰ দাস আৰু সাধাৰণ সম্পাদক দেৱ কুমাৰ দাসে এক সংবাদমেলত কয়, ‘লোকসেৱা আয়োগ, বিশ্ববিদ্যালয়, মহাবিদ্যালয়, চৰকাৰৰ প্ৰতিটো বিভাগতে অনুসূচিত জাতিৰ সংৰক্ষিত পদত ভুৱা প্ৰমাণপত্ৰ উলিয়াই হেজাৰ হেজাৰজনে চাকৰি কৰি আছে । আনকি একাংশ শিক্ষাৰ্থীয়ে উচ্চ শিক্ষানুস্থানত একমাত্ৰ সংৰক্ষণৰ সুবিধা লাভ কৰি ভুৱা প্ৰমাণপত্ৰ সংগ্ৰহ কৰি মুনাফা আদায় কৰি আছে । ৰাজ্যখনত প্ৰায় তিনি লাখ লোকৰ হাতত ভুৱা অনুসূচিত জাতিৰ প্ৰমাণপত্ৰ আছে ।’

উল্লেখ্য যে জাতিগত প্ৰমাণপত্ৰ ডিজিটেল মাধ্যমৰ জৰিয়তে প্ৰদানৰ লক্ষ্যৰে পহিলা আগষ্টত ৰাজ্য চৰকাৰে ‘মিছন ভূমিপুত্ৰ’ শীৰ্ষ এক আঁচনি তথা এপ্ মুকলি কৰিব । এই এপত পিতৃ-মাতৃৰ জাতিগত প্ৰমাণৰ ভিত্তিতে পুত্ৰ-কন্যাই সেই জাতিৰ প্ৰমাণপত্ৰ লাভ কৰিব বুলি উল্লেখ কৰি সম্পাদক দাসে পুনৰ কয়, ‘জাতিগত প্ৰমাণপত্ৰ ডিজিটেল মাধ্যমেৰে প্ৰদান কৰিব ভাল কথা, কিন্তু যিসকলে ভুৱা প্ৰমাণপত্ৰ লৈ আছে সেইসকলৰ পুত্ৰ-কন্যাই অনায়াসে জাতিগত প্ৰমাণপত্ৰ লাভ কৰিব । সেয়ে আমি চৰকাৰক দাবী জনাইছো যে অনুসূচিত জাতিৰ ভুৱা প্ৰমাণপত্ৰ সন্দৰ্ভত সন্দেহজনক লোকসকলৰ পুনৰীক্ষণৰ ব্যৱস্থা হ‌ওক । এই পুনৰীক্ষণ নোহোৱা পৰ্যন্ত ‘মিছন ভূমিপুত্ৰ’ত অনুসূচিত জাতিৰ প্ৰমাণপত্ৰ আবেদন আৰু বিতৰণ বন্ধ ৰখা হ‌ওক ।’

উল্লেখ্য যে এই প্ৰমাণপত্ৰ বিতৰণত দায়িত্ব থকা একাংশ অনুসূচিত জাতিৰ জাতীয় পৰিষদৰ নেতাৰ একমাত্ৰ ধনৰ লোভৰ বাবেই ৰাজ্যখনত হেজাৰ হেজাৰ ভুৱা অনুসূচিত জাতিৰ লোক সৃষ্টি হ’ল বুলি সম্পাদক দাসে তথ্য দাঙি ধৰি কয়, ‘প্ৰকৃত অনুসূচিত জাতিৰ লোকক বঞ্চিত কৰি জালিয়াতিৰে ভুৱা প্ৰমাণপত্ৰ সংগ্ৰহ কৰা উদাহৰণ হ’ল জনসিঞ্চন বিভাগৰ কনিষ্ঠ অভিযন্তা বলিন দাস আৰু তেওঁৰ পৰিয়াল । এনে উদাহৰণ আৰু তথ্য বহুত আছে । দাসে অনুসূচিত জাতিৰ ভুৱা প্ৰমাণপত্ৰৰে এই পদত নিযুক্তি লাভ কৰিছিল । কেৱল এয়াই নহয় তেওঁ আৰু তেওঁৰ পৰিয়ালে এই ভুৱা প্ৰমাণপত্ৰ দেখুৱাই অনুসূচিত জাতি-জনজাতিৰ বাবে সংৰক্ষিত ভূমি অৰ্থাৎ সোণাপুৰ কলাজাৰিত প্ৰায় দুশ বিঘা মাটি, সোণাপুৰ পেট্ৰ’ল পাম্পৰ গাতে সোণাপুৰ নাৰ্ছাৰীৰ নামত ৩০ বিঘা মাটি, সোণাপুৰ কমাৰকুছিত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে ১০ বিঘা মাটি, সোণাপুৰ মৈৰাকুছিত ৫০ বিঘা, আজাৰাত ৩০ বিঘা মাটি ক্ৰয় কৰিছে ।

ইয়াৰ উপৰি বেলতলা এছ এছ কে ছুপাৰ মাৰ্কেট, এছ এছ কে জিম, ছাৰ্ভেত তিনি কঠা ভূমি, জিএছ ৰোডত বৃহৎ অট্টালিকা আৰু ভূমি ভুৱা অনুসূচিত জাতিৰ প্ৰমাণপত্ৰ উলিয়াই অনুসূচিত জাতিৰ নামত সংৰক্ষিত পদত নিযুক্তি লাভ কৰি গোটাবলৈ সক্ষম হৈছে । সমান্তৰালভাৱে অসম গ্ৰামীণ বিকাশ বেংকৰ জ্যেষ্ঠ বিষয়া মৃণ্ময় দাসে ভুৱা প্ৰমাণপত্ৰৰে চাকৰিত নিযুক্তি লাভ কৰিছে ।’ উল্লেখ্য যে বৰপেটা, কাছাৰ, শিলচৰ, ডিব্ৰুগড়, কামৰূপ আদি জিলাত এই জালিয়াতি অত্যধিক বুলি সংগঠনটোৱে সদৰী কৰি এই সমগ্ৰ বিষয়টো তদন্তৰ দাবী জনাই পুনৰীক্ষণ নোহোৱালৈকে ‘মিছন ভূমিপুত্ৰ’ৰ জৰিয়তে অনুসূচিত জাতিৰ প্ৰমাণপত্ৰ বিতৰণ বন্ধ তথা সম্প্ৰতি দায়িত্বত থকা সংগঠনটোক এই দায়িত্ব কৰ্তন কৰিবলৈ মুখ্যমন্ত্ৰীক আহ্বান জনায় ।

Exit mobile version