কিছুদিন পূৰ্বে মন্ত্ৰী অজন্তা নেওগৰ জালুকবাৰী বাসগৃহৰ পৰা অসহায় অৱস্থাত এগৰাকী মহিলা উদ্ধাৰ হয় । এজন জোৱানে চাকৰিৰ প্ৰলোভনেৰে মহিলাগৰাকীক আবদ্ধ কৰি ৰখাৰ অভিযোগ উঠিছিল ।
ADVERTISEMENT
আজি অসম প্ৰদেশ মহিলা কংগ্ৰেছে উক্ত ঘটনাক তীব্ৰ গৰিহণা দি মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে । দলৰ সদস্যাসকলে মন্ত্ৰী নেওগৰ প্ৰতিমূৰ্ত্তি দাহ কৰে আৰু তেওঁৰ পদত্যাগ কৰে ।
ঘটনা সন্দৰ্ভত ইতিমধ্যে জোৱানৰ বিৰুদ্ধে বিহিত পদক্ষেপ গ্ৰহণ কৰা হৈছে ।