Kanpur : ‘নতুন পেঞ্চিল খুজিলে মায়ে মাৰে’, মূল্যবৃদ্ধিৰ বাবে প্রধানমন্ত্রীক পত্ৰ লিখিলে ছয় বছৰী‌য়া শিশুৱে

93260810

মূল্যবৃদ্ধি এতিয়া সাধাৰণ জনতাৰ মূৰ কামোৰণিৰ মূল কাৰণ । আয় বৃদ্ধি হোৱ নাই, অথচ নিত্য প্রয়োজনীয় সামগ্ৰীৰ দাম দিনক দিনে বাঢ়ি আছে । মূল্যবৃদ্ধিৰ এই বজাৰত কিমান সমস্যাত পৰিবলগীয়া হৈছে সেই বিষয়ত জনাবলৈ প্রধানমন্ত্রী নৰেন্দ্র মোদীক পত্ৰ লিখিলে ছয় বছৰীয়া এটি শিশুৱে । অৱশ্যে সেই পত্ৰত চাউল, ডালি আৰু তেলৰ মূল্যবৃদ্ধিৰ কোনো উল্লেখ নাই । আছে পেঞ্চিল আৰু মেগিৰ কথা ।

প্রথম শ্রেণীৰ ছাত্ৰী কৃতী দুবে উত্তৰ প্রদেশৰ কনৌজৰ এখন সৰু চহৰ চিবৰাম‌ওৰ বাসিন্দা । শিশুটিয়ে পত্ৰখন নিজ হাতেৰে লিখি প্রধানমন্ত্রীক জনাইছে, মূল্যবৃদ্ধিৰ বাবে কিমান সমস্যাত পৰিবলগীয়া হৈছে ! ইতিমধ্যে সামাজিক মাধ্যমত কৃতীয়ে লিখা পত্ৰখন ভাইৰেল হৈ পৰিছে ।

পত্ৰখনত কি লিখিছে কৃতীয়ে ?

পত্ৰত লিখিছে, ‘মোৰ নাম কৃতী দুবে । প্রথম শ্রেণীত পঢ়ো । মোদীজি, সামগ্ৰীৰ দাম খুব বাঢ়িছে । আনকি, মোৰ পেঞ্চিল-ৰবৰৰ দামো বাঢ়িছে । মেগিৰ দাম বাঢ়ি গৈছে । নতুন পেঞ্চিল খুজিলেই এতিয়া মায়ে মোক মাৰে । ম‌ই কি কৰো ক‌ওকচোন ? অন্য ল’ৰা-ছোৱালীয়ে মোৰ পেঞ্চিল চুৰ কৰি লৈ যায় ।”

সামাজিক মাধ্যমত শিশুটিৰ পত্ৰ ভাইৰেল হোৱাৰ পাছতেই মুখ খুলিছে পিতৃ বিশাল দুবেয়ে । জীৱিকাসূত্ৰে অধিবক্তা বিশালে কয়, ‘‘এইটো মোৰ ছোৱালীৰ ‘মন কি বাত’ । শেহতীয়াকৈ স্কুলত পেঞ্চিল হেৰুৱাই পেলোৱাত তাইৰ মাকে ছোৱালীজনীক গালি পাৰিছিল । তেতিয়াই মাকে কয় বস্তুৰ দাম কিমান বাঢ়িছে । সেই বিষয়ত ক্ষোভ উজাৰাতেই প্রধানমন্ত্রীক পত্ৰ লিখে কৃতীয়ে ।”

চিবৰাম‌ওৰ জিলা সদৰ বিষয়ায়ো সামাজিক মাধ্যমত পত্ৰখন দেখিছে । আশ্বাস দিছে, পত্ৰখন যাতে প্রধানমন্ত্রীয়ে পায়, তাৰ বাবে তেওঁ চেষ্টা কৰিব ।

Exit mobile version