নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নৱাগত আদৰণী সভা

নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আজি একাদশ শ্ৰেণীৰ নৱাগত আদৰণী সভা অনুষ্ঠিত হয় । কাৰ্যসূচী অনুসৰি পুৱা পুষ্পবৃষ্টিৰ যোগেদি নৱাগত ছাত্ৰ-ছাত্ৰীক আদৰণি জনায় ।

ভাৰপ্ৰাপ্ত অধ্যক্ষ মহেন শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত আদৰণী সভাত কুৰালগুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ বীজয় শইকীয়া মুখ্য অতিথি হিচাপে উপস্থিত থাকি ছাত্ৰ-ছাত্ৰীৰ নিয়মানুৱৰ্তীতা, শিক্ষা নীতি, কৰ্তব্য আদিৰ ওপৰত বক্তব্য প্ৰদান কৰে ।

ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা গীত-মাত পৰিৱেশন কৰা হয় । ন-পুৰণি ছাত্ৰ-ছাত্ৰীসকলে নিজৰ অভিমত প্ৰকাশ কৰে । অনুষ্ঠানৰ আঁত ধৰে শিক্ষয়িত্ৰী মৌচুমী গগৈ আৰু মঞ্জু বৈশ্যই ।

Exit mobile version