ৰাজ্যিক বিজেপিৰ প্ৰভাত ফেৰীত ব্যৱহাৰ কৰা ত্ৰিৰংগা চুটি কৰা হ’ল কেচিৰে কাটি

কিমান সমীচিন এই কাৰ্য

WhatsApp Image 2022 08 09 at 9.03.06 PM 1

সমগ্ৰ দেশজুৰি উদযাপিত কৰা হৈছে আজাদী কী অমৃত মহোৎসৱ ৷ এই দিৱসৰ লগত সংগতি ৰাখি ৰাজ্যিক বিজেপিৰ ভাতৃ সংগঠন অনুসূচিত জাতি মৰ্চাৰ অসম প্ৰদেশ কমিটিৰ উদ্যোগত আজি পুৱাতে উলিওৱা হৈছিল প্ৰভাত ফেৰী ৷ ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয় হেঙেৰাবাৰীৰ বাজপেয়ী ভৱনৰ উলিওৱা প্ৰভাত ফেৰী উদ্বোধন কৰে প্ৰদেশ বিজেপিৰ সভাপতি ভৱেশ কলিতাই ৷ মৰ্চাৰ বিষয়ববীয়া লগতে এন চি চি কেডেট সহ কেইবাগৰাকী বিজেপি নেতাই অংশ লয় প্ৰভাত ফেৰীত ৷হেঙেৰাবাৰীৰ পৰা দিছপুৰলৈ উলিওৱা প্ৰভাত ফেৰীত ব্যৱহাৰ কৰা হৈছিল এখন দীঘল ত্ৰিৰংগা৷

আনহাতে, পুৱা ছয় বাজি ত্ৰিশ মিনিটত প্ৰভাত ফেৰীৰ সময় নিৰ্ধাৰণ কৰা হৈছিল যদিও কাৰ্যকৰ্তাৰ উপস্থিতিৰ সংখ্যা কম হোৱা হেতুকে ন বজাতে আৰম্ভ কৰা হয় সমদল ৷ পতাকাৰ দৈঘ্য অনুপাতে কাৰ্যকৰ্তাৰ সংখ্যা কম হোৱাৰ বাবে পিচত পতাকা খন চপাবলৈ চেষ্টা কৰিছিল যদিও দৈঘ্য বেছি হোৱাত এজন দলীয় কাৰ্যকৰ্তাই কেচিৰে কাটি চুটি কৰে৷
আজাদী কী অমৃত মহোৎসৱ উদযাপন কৰিবলৈ গৈ ৰাষ্ট্ৰীয় পতাকা কাটি চুটি কৰা কাৰ্য কিমান দূৰ সমীচীন সেইয়া সকলোৰে বাবে চৰ্চিত বিষয় হৈ পৰিছেে ৷

Exit mobile version