পুৰুষ আৰু মহিলা, সকলোৰ মাজতেই দিনক দিনে বাঢ়িছে ডায়েবিটিছৰ সমস্যা । ভাৰতত ডায়েবিটিছৰ লেখচিত্রটি বেচ উচ্চগামী । অনিয়মিত জীৱনযাপন, অস্বাস্থ্যকৰ খাদ্য, মানসিক চাপৰ বাবে ৩০ বছৰ বয়স পাৰ নৌহওঁতেই অনেকে ডায়েবিটিছত আক্রান্ত হৈছে । লগতে উচ্চ ৰক্তচাপ, কোলেষ্টেৰলৰ দৰে ৰোগেও আশ্ৰয় লয় ।
তেজত ইনছুলিনৰ অভাৱেই ডায়েবিটিছত আক্রান্ত হোৱাৰ অন্যতম কাৰণ । অৱশ্যে চিকিৎসকসকলৰ মতে, জীৱনযাত্রাচ কিছু পৰিৱর্তন আনিলেই তেজত শর্কৰাৰ মাত্রা নিয়ন্ত্রণত ৰাখিব পাৰি । তাৰ বাবে নিয়মিত শৰীৰচর্চা কৰিব লাগিব । খাদ্য প্ৰণালীটো পৰিৱৰ্তন আনিব লাগিব । যিকোনো শাৰীৰিক সমস্যা যদি প্রাথমিক অৱস্থায় ধৰা পৰে, তেনেহ’লে চিকিৎসা আৰম্ভ কৰাতো সুবিধা হয় । মূল ঘূৰণি, ওজন কমা, দৃষ্টিশক্তি হ্ৰাস হোৱা এইবোৰ ডয়েবিটিছৰ কিছু প্রাথমিক লক্ষণ । ইয়াৰ উপৰি, ডায়েবিটিছৰ কিছু লক্ষণ ফুটি উঠে ভৰিত ।
১) ভৰিৰ পতা অকাৰণে মসৃণ আৰু চকচকীয়া হৈ যোৱা ।
২) ভৰি আৰু ভৰিৰ পতাৰ নোম উঠি যোৱা ।
৩) ভৰি ফুলি যোৱা, ভৰিৰ ঘা আৰু ক্ষত নোশুকোৱা ।
৪) খোজকাঢ়োতে ভৰিল পেশিশীত টান লগা ।
৫) বহু সময় জোতা পিন্ধি থকাৰ পাছতো ভৰি নাঘামিলে, এয়া ডায়েবিটিছৰ লক্ষণ হ’ব পাৰে ।