উত্তৰ প্ৰদেশৰ ফটেহপুৰ শোকাৱহ ঘটনা

৩৫ যাত্ৰী কঢ়িয়াই নাও ডুবি এবছৰীয়া শিশু সহ তিনিজনৰ মৃত্যু,সন্ধানহীন ১৭

WhatsApp Image 2022 08 11 at 8.27.55 PM

ৰাখী বন্ধনৰ পৱিত্ৰ দিনটোতে উত্তৰ প্ৰদেশৰ ফটেহপুৰত সংঘটিত এক শোকাৱহ ঘটনাই সকলোকে কৰি তুলিছে মিয়ম্ৰাণ৷ ৩৫ যাত্ৰী কঢ়িয়াই নিয়া এখন নাও ডুব যায় নদীত৷ দুৰ্ঘটনাৰ ফলত মৃত্যু হয় এটি এবছৰীয়া শিশুসহ অন্য তিনি গৰাকীকৈ লোক ৷

আনহাতে ইয়াৰে ১৭ গৰাকী নদীত সন্ধানহীন হোৱাৰ বিপৰীতে ১৫ জনে কথমপি সাঁতুৰি নিজৰ প্ৰাণ ৰক্ষা কৰে। উল্লেখ্য যে,আজি ৰাখী বন্ধন৷এই উপলক্ষে নিজ ভাতৃক ৰাখী পিন্ধাবলৈ কেইবাগৰাকী মহিলা নিজ পিতৃ গৃহলৈ বুলি ৰাওনা হয় ৷

আজি বিয়লী তিনি বজাত উত্তৰ প্ৰদেশৰ বান্দাৰ পৰা ফটেহপুৰলৈ বুলি এখন যাত্ৰীবাহী নাও গৈছিল যমুনা নদীৰে৷ৰাখীবন্ধন উপলক্ষে অন্যদিনতকৈ আজি যাত্ৰী আছিল অত্যাধিক৷ নিৰ্ধাৰিতকৈ অত্যাধিক যাত্ৰী কঢ়িয়াই নিয়া নাওখন গন্তব্যস্হান পোৱাৰ পূৰ্বে মাজভাগত নাও খনৰ এটা অংশ ভাঙি যায়৷ফলত নাওখন ডুব যায় ৷

বান্দাৰঘাটত থকা একাংশ প্ৰত্যক্ষদৰ্শীয়ে জানিব দিয়া মতে,অভিশপ্ত নাওখনত যাত্ৰী আছিল প্ৰায় ৪৫ জনলোক৷ অত্যাধিক যাত্ৰীৰ লগতে কেইবাখনো মটৰ চাইক কঢ়িয়াই নিয়াৰ বাবে এই মৰ্মান্তিক ঘটনাটো সংঘটিত হয় বুলি সন্দেহ কৰিছে আৰক্ষীয়ে৷ দুৰ্ঘটনাটোৰ পিছতে সন্ধানহীন ১৭ যাত্ৰীৰ সন্ধানত এছ ডি আৰ এফ আৰু এন ডি আৰ এফ যমুনাত তীব্ৰতৰ অভিযান অব্যাহত ৰাখিছে৷আশংকা কৰা মতে ১৭ যাত্ৰীৰ কৰুণ মৃত্যু ঘটিছে ৷

আনহাতে উত প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে শোকাৱহ দুৰ্ঘটনাটোত গভীৰ শোক প্ৰকাশ কৰি এক উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা কৰে৷ এই ঘটনাই শোকাহত কৰি তোলে সমগ্ৰ ৰাজ্যখনত ৷

Exit mobile version