মানৱীয়তাৰ অৱক্ষয়, পত্নী ব্ৰাক্ষণ নোহোৱাৰ স্বামীৰ অন্তিম সৎকাৰলৈ নাহিল চুবুৰীয়া

WhatsApp Image 2022 08 12 at 4.09.25 PM

মানৱীয়তাৰ চৰম অবক্ষয় ঘটিছে সাম্প্ৰতিক সময়ত ৷ দুৰ্ভগীয়া পৰিয়াল এটাৰ হৃদয় চুই যোৱা নিদাৰুণ ঘটনা এটিয়ে সকলোকে কৰি তুলিছে স্তম্ভিত ৷

মঙলদৈৰ পতালসিঙ পাৰাৰ গণক চুবুৰীত সোমবাৰে অতুল শৰ্মা নামৰ লোকজনৰ মৃত্যু হয়৷ গণক সম্প্ৰদায় ব্যক্তিজনৰ মৃতকৰ সৎকাৰৰ বাবে নাহিল কোনো এগৰাকী চুবুৰীয়া ৷ পিছত মৃতকৰ তিনি ভাতৃয়ে মৃতদেহ সাঙীত তুলি সমীপৰে নদী এখনৰ পাৰত সমাধিস্থ কৰে ৷

উল্লেখ্য যে মৃত অতুল শৰ্মাই ২৭ বছৰ পূৰ্বে ঘৰৰ অমতত প্ৰণিতা দেৱী নামৰ যুৱতী এগৰাকীক বিবাহ কৰায়৷ ব্ৰাক্ষণ হৈ কোছঁ সম্প্ৰদায়ৰ যুৱতীক বিবাহ কৰাটোক সহজভাৱে লোৱা নাছিল অতুল শৰ্মাৰ চুবুৰীয়াসকল ৷

তেতিয়াৰে পৰা বিগত ২৭ বছৰ ধৰি অতুল শৰ্মাৰ পৰিয়ালক সামাজিকভাৱে বৰ্জন কৰি আহিছিল গণক চুবাৰ গঞাই৷ কিন্ত মঙলবাৰে অতুল শৰ্মাৰ মৃত্যু হোৱাত গণক চুৱাৰ চুবুৰীয়াই অমানৱীয়তা প্ৰদৰ্শন কৰি মৃতদেহ সৎকাৰৰ পৰা আঁতৰি থাকে ৷

সামাজিক সংকীৰ্ণতাৰ পৰিচয় দিয়াৰ বাবে হিন্দু নীতিৰ বিপৰীতে গৈ পিছত অতুল শৰ্মাৰ মৃতদেহ পুতিবলগীয়া হয়  ৷ এই কাৰ্য্যক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ পিছত মৃতকৰ ঘৰত উপস্থিত হয় আৰক্ষী আৰু কাৰ্যবাহী দণ্ডাধীশ৷ আৰক্ষীয়ে মৃতদেহ গাতৰ পৰা উলিয়াই সম্পূৰ্ণ ধৰ্মীয় ৰীতি অনুসৰি সৎকাৰৰ দিহা কৰে ৷

Exit mobile version