দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি সমগ্ৰ দেশত ‘হৰ ঘৰ ত্ৰিৰংগা’ শীৰ্ষক যি অভিযান অব্যাহত ৷ এই অভিযানৰ স’তে যুক্ত হৈ থকা প্ৰতিজন লোকে ডাউনলোড কৰি লাভ কৰিব প্ৰমাণ পত্ৰ ৷
আজাদী কা অমৃত মহোৎসৱ উপলক্ষে চৰকাৰে দেশৰ স্বাধীনতাৰ ৭৫ বছৰ উদযাপনৰ বাবে আৰম্ভ কৰিছিল ‘হৰ ঘৰ ত্ৰিৰংগা’ অভিযান ৷ ত্ৰিৰংগা পতাকা খন উৰুৱাব লাগে বা নিজ ঘৰত প্ৰদৰ্শন কৰাৰ দৃশ্য আৰু ছ’চিয়েল মিডিয়া একাউণ্টৰ বাবে ত্ৰিৰংগালৈ সলনি কৰাৰ বাবে আহ্বান জনাইছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷
এনেক্ষেত্ৰত ১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈ পতাকা উত্তোলন কৰা লোকসকলে হৰ ঘৰ ত্ৰিৰংগা প্ৰমাণপত্ৰ লাভ কৰিব। দেশপ্ৰেমী নাগৰিকসকলক একোখনকৈ প্ৰমাণ পত্ৰৰে স্বীকৃতি দিয়াৰ কথা সদৰি কৰে সাংস্কৃতিক মন্ত্ৰালয়ে ৷
আনহাতে, মন্ত্ৰণালয়ে হৰ ঘৰ ত্ৰিৰংগা অভিযান আৰু ইয়াৰ প্ৰমাণপত্ৰ পোৱাৰ সন্দৰ্ভত নাগৰিকসকলে জানিব পৰাকৈ harghartiranga.com নামৰ এটা পৰ্টেল মুকলি কৰে৷ এতিয়া নাগৰিক সকলে নিজৰ ঘৰৰ চৌহদত ত্ৰিৰংগা উত্তোলন কৰা বা উৰোৱা আদি দৃশ্য harghartiranga.com প্ৰেৰণ কৰিব পাৰে ৷ এই পৰ্টেলৰ জৰিয়তে প্ৰচাৰ কৰাৰ লজতে পৰৱৰ্তী সময়ত দিয়া হ’ব প্ৰমাণ পত্ৰ ৷