পুনৰ জ্বলিছে কৰ্ণাটক, টিপু চুলতান আৰু বীৰ চাভাৰকাৰক লৈ উত্তপ্ত পৰিস্থিতি

হিজাব আৰু হালালক লৈ হোৱা বাদানুবাদৰ পিছত এইবাৰ টিপু চুলতানক লৈ তীব্ৰ উত্তেজনাৰ সৃষ্টি হয় কৰ্ণাটকত ৷ টিপু চুলতান পন্থী আৰু বীৰ চাভাৰকাৰ পন্থীৰ মাজত সংঘৰ্ষৰ পিছতে জাৰি কৰা হয় ১৪৪ ধাৰা ৷ ৰাজ্য খনৰ শিৱমগোৰৰ এটা মলত চাভাৰকাৰৰ ফটো টিপু চুতলান গোটে ফালি পেলোৱাৰ অভিযোগ কৰিছিল চাভাৰকাৰ পন্থীয়ে ৷

দেশৰ স্বাধীনতা ৭৫ সংখ্যক দিৱসৰ লগত সংগতি ৰাখি আজাদী কী অমৃত মহোৎসৱ উপলক্ষ্যত মলটোৰ চৌহদত অঁৰা হৈছিল চাভাৰকাৰৰ কাটআউট ৷ ফটো আঁতৰোৱাৰ দাবী কৰিছি এছ ডিপি আই কৰ্মী সকলে৷আনহাতে চাভাৰকাৰৰ ফটো ফলাৰ পিছতে চাভাৰকাৰ পন্থীৰ একাংশই টিপু চুলতানৰ প’ষ্টাৰ ফালি পেলাই ৷ ইয়াকে লৈ সৃষ্টি হয় এক উত্তেজনাময় পৰিবেশৰ  ৷ দুয়ো পক্ষৰ মাজত সংঘৰ্ষৰ সূত্ৰপাত  ঘটে  ৷ পৰিস্থিতিৰ নিয়ন্ত্ৰণৰ বাবে আজি কৰ্ণাটক আৰক্ষীয়ে শিৱমগোৰত ফ্লেগমাৰ্চ কৰিছে ৷ টিপু চুলতানৰ ফটো ফলাৰ অভিযোগত আৰক্ষীয়ে আটক কৰে তিনিজনকৈ যুৱকক ৷ চেপা উত্তেজনা অব্যাহত থকা অঞ্চলৰ সকলো শিক্ষানুষ্ঠান বন্ধ ঘোষনা কৰে প্ৰশাসনে ৷

Exit mobile version