ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু বৈদেশিক সন্দৰ্ভত প্ৰভাৱ পেলাবলৈ কন্টেন্ট পোষ্ট দি থকাৰ বাবে নিষিদ্ধ হ’ল আঠটাকৈ ইউ টিউব চেনেল ৷ নিষিদ্ধ ঘোষণা কৰে কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ে ৷
নিষিদ্ধ কৰা সাতটা ভাৰতৰ আৰু ১১৮কোটি ভিউ থকা এটা পাকিস্তানৰ ৷
উল্লেখ্য বিগত বৰ্ষৰ ২১ ডিচেম্বৰৰ পৰাই ভাৰতত ব্লক কৰা হৈছে ১০২টা ইউটিউব চেনেল ৷ নিষিদ্ধ কৰা চেনেলবোৰৰ ভিতৰত এটা পাকিস্তানী ইউ টিউব চেনেলো আছে । এই চেনেলটোৰ ভিউ হৈছে ১১৮ কোটি।
ভাৰতৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে ভুৱা কন্টন্ট প্ৰচাৰৰ অভিযোগ উদ্থাপিত হৈ থকাৰ বাবে তথ্য আৰু প্ৰযুক্তি অধিনিয়ম ২০২১ ৰ অধিনত এটা পাকিস্তানৰ আৰু সাতটা ভাৰতৰ ইউ টিউব চেনেল ব্লক কৰিছে কৰা হৈছে ৷