মুম্বাইত সন্ত্ৰাসবাদীৰ ভয়ানক আক্ৰমণৰ চক্ৰান্ত ব্যৰ্থ

FabpVCjakAARr5l

মায়ানগৰী মুম্বাইত গণেশ চতুৰ্দশী আৰম্ভ হোৱাৰ পূৰ্বে সন্ত্ৰাসবাদীৰ প্ৰৱেশৰ আশংকা কৰিছিল মুম্বাই আৰক্ষী ৷

এনে আশংকাৰ মাজতেই আজি মুম্বাই আৰক্ষীয়ে গোপন সূত্ৰৰ পমখেদি আলিবাগৰ ৰায়গড়ৰ সাগৰৰ উপকুলীয় অঞ্চলত অভিযান চলাই দুখন নাৱৰ পৰা উদ্ধাৰ কৰে তিনিটা এ কে ৪৭, অনান্য মাৰাণাস্ত্ৰ আৰু সক্ৰিয় গুলী আৰু বাৰুদ ৷

২৬/১১ দৰে ভয়ানক আক্ৰমণৰ ঘটনা সংঘটিত কৰাৰ লক্ষ্যৰে সন্ত্ৰাসবাদীৰ দল মুম্বাইত প্ৰৱেশৰ আশংকা কৰিছে আৰক্ষীয়ে ৷ ইতিমধ্যে মহাৰাষ্ট্ৰ চৰকাৰে গণেশ চতুৰ্দশীৰ প্ৰতি লক্ষ্য হাই এলাৰ্ট জাৰি কৰিছে মুম্বাইসহ কে’বাখনো মেট্ৰ’চহৰত ৷

ইতিমধ্যে মুম্বাইৰ আৰক্ষীৰ বোম্ব স্কোৱাদ এট টিম ৰাওনা হয় আলিবাগলৈ ৷ একেদৰে এটি চি মুৰব্বী বিনীত আগৰৱালাৰ নেতৃত্বত আৰক্ষীৰ বিশেষ টিম এটাও ৰাওনা হৈছে ৰায়গড়লৈ ৷

Exit mobile version