আমেৰিকাত ভয়ংকৰ ঘটনা, আকাশত দুখন বিমানৰ মুখামুখি সংঘৰ্ষ, বহুলোক হতাহত

WhatsApp Image 2022 08 19 at 3.38.34 PM

মাৰ্কিন যুক্তৰাষ্ট্ৰৰ কেলিফৰ্ণিয়া ৱাটছনভিল মিউনিচিপল বিমানবন্দৰত অঘটন ৷ বিমানবন্দৰত অৱতৰণ কৰাৰ মুহূৰ্ততে মাজ আকাশতে দুখন বিমানৰ মুখামুখি সংঘৰ্ষ হয় ৷ ভয়ংকৰ ঘটনাটোত তিনিজন লোকৰ থিতাতে মৃত্যু হয়।

ৱাটছনভিল চহৰৰ প্ৰশাসনে সদৰি কৰা মতে বৃহস্পতিবাৰে বিয়লি ৩ বজাত এট ইঞ্জিন যুক্ত Cessna152 আৰু দুটা ইঞ্জিনযুক্ত Cessna 340 ক্ষুদ্ৰ বিমান দুখন বিমান বন্দৰত অৱতৰণ কৰাৰ কিছু মুহূৰ্তৰ পূৰ্বে মাজ আকাশতে দুৰ্ঘটনাগ্ৰস্ত হয় ৷ শোকাৱহ ঘটনাটোৰ পিছতে এক আতংকময় পৰিস্থিতিৰ সৃষ্টি হয়৷চাৰিওফালে জুইয়ে আগুৰি ধৰা বিমানদুখনৰ যাত্ৰী কিমান হতাহত হৈছে এই সম্পৰ্কত ফেডাৰেল এভিয়েচন এডমিনিষ্ট্ৰেচনৰ সদৰি কৰা নাই যদিও আশংকা কৰা হৈছে ঘটনাত ৩ যাত্ৰীৰে মৃত্যু হৈছে ৷

যুক্তৰাষ্ট্ৰৰ বিমান মন্ত্ৰালয়ে এক উচ্চ পৰ্যায়ৰ তদন্ত ঘোষনা কৰিছে ৷ দুৰ্ঘটনাটোত মৃত্যু হোৱা লোক সকলৰ প্ৰতি গভীৰ শ্ৰদ্ধা জনাইছে মাৰ্কিন ৰাষ্ট্ৰপতি জ’ বাইদেনে ৷

Exit mobile version