ৰঙা চীনত পুনৰ কৰ’না আতংক, মাছ- কেকোঁৰাৰ স্বাৱ সংগ্ৰহ পৰীক্ষাৰ বাবে

288738 untitled design 3

প্ৰতিবেশী ৰাষ্ট্ৰ চীন পুনৰ সন্মুখীন হৈছে ক’ৰনা ভাইৰাছৰ ৷ মানুহৰ পিছত এইবাৰ সাগৰীয় জীৱৰ ওপৰত পৰীক্ষাৰ বাবে প্ৰস্তুত কৰিছে তালিকা৷ এই তালিকাত মাছ আৰু কেকোঁৰাক অন্তভুৰ্ক্ত কৰি ইতিমধ্যে দুয়োটা জলচৰ প্ৰাণীৰে স্বাৱ সংগ্ৰহ কৰিছে চীনৰ স্বাস্থ্য বিজ্ঞানী সকলে মাছৰ মুখেৰে তোলা সোমোৱাই স্বাৱ সংগ্ৰহ কৰা দৃশ্য সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিছতে বিশ্ববাসী পুনৰ শংকিত হোৱাৰ আশংকা প্ৰকট হৈ পৰিছে ৷

চীনৰ পৰা ক’ভিড আক্ৰান্তৰ সংখ্যা শূন্য লৈ নহালৈ যেন ক্ষান্ত নহয় দেশখন৷ যাৰবাবে এইবাৰ সাগৰীয় জীৱৰ ওপৰত চলাইছে মাৰাথন পৰীক্ষা- নিৰীক্ষা৷ ইতিমধ্যে দেশখনৰ পাঁচ নিযুত লোকক পুনৰ ক’ভিড টেষ্ট কৰিবলৈ নিদেৰ্শনা জাৰি কৰিছে চৰকাৰে৷

উল্লেখযোগ্য যে ৰঙা চীনৰ শেহতীয়াকৈ ক্ৰমাৎ বৃদ্ধি পাইছে ক’ৰনা আক্ৰান্তৰ সংখ্যা ৷ স্মতৰ্ৱ্য যে চীনৰ গৱেষণাগাৰৰ পৰা মাৰাত্মক ক’ৰণা ভাইৰাছ বিয়পি দেশখনত আক্ৰান্ত হৈছিল কেইবাকোটিলোক ৷ মৃত্যু হৈছিল কেইবালাখ ৷ তাৰ পিছতে তৰিৎ গতিত সম্প্ৰসাৰিত হৈছিল বিশ্বৰ ৯০ শতাংশ দেশলৈ ৷

Exit mobile version