মহানগৰীৰ জিএছ ৰোডত ভয়ংকৰ অগ্নিকাণ্ড,তিনিটাকৈ ৰন্ধন গেছৰ চিলিণ্ডাৰ বিস্ফোৰণ

WhatsApp Image 2022 08 20 at 11.27.16 AM

মহানগৰৰ সদাব্যস্ত জি এছ ৰোডত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ড ৷ তিনিটাকৈ ৰন্ধন গেছৰ চিলিণ্ডাৰ বিস্ফোৰিত হোৱাৰ পিচতে সৃষ্টি হয় এক অভাৱ পৰিস্থিতিৰ ৷ ভঙাগড় উৰণীয়া সেঁতুৰ তলত থকা এখন মিঠাই দোকানত আজি দুপৰীয়া সূত্ৰপাত হয় জুই ৷ এই জুয়ে নিমিষতে আগুৰি ধৰে কাষৰ আন দোকানলৈ ৷ আনহাতে মিঠাই দোকানত থকা তিনিটাকৈ ৰন্ধন গেছৰ চিলিণ্ডাৰ বিস্ফোৰিত হোৱাৰ পিছতে স্থানীয় লোকৰ মাজত লৰাঢপৰা লাগে ৷

ইতিমধ্যে ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী আৰু এছ ডি আৰ এফৰ জোৱান উপস্থিত হৈ জুই নিৰ্বাপনৰ চেষ্টা চলাই ৷ অগ্নিকাণ্ডত চাৰিজনকৈ লোক আঘাতপ্ৰাপ্ত হোৱা বুলি জানিব পৰা গৈছে ৷

Exit mobile version