CM Yogi Adityanath : আদিত্যনাথৰ শিৰচ্ছেদৰ পুৰস্কাৰ দুই কোটি, আলোড়ন উত্তৰ প্রদেশত

Yogi Adityanath JUNE15

উত্তৰ প্রদেশৰ মোৰাদাবাদৰ পৰা এক চাঞ্চল্যকৰ ঘটনা প্ৰকাশ্যত আহিছে । এটা ফেচবুক একাউন্টৰ পৰা মুখ্যমন্ত্রী যোগী আদিত্যনাথৰ শিৰচ্ছেদ কৰিবৰ বাবে দুই কোটি টকা পুৰস্কাৰ ঘোষণা কৰি এটা প’ষ্ট কৰা হৈছে । এই ঘটনাতেই অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে । মোৰাদাবাদ আৰক্ষীৰ এটা জালি পেজৰ পৰা এই প’ষ্টটো কৰা হৈছিল । আৰএছএছ-ৰ স’তে জড়িত মহিলাকর্মী আয়ুশি মহেশ্বৰীয়ে টুইটাৰত মোৰাদাবাদ আৰক্ষীক টেগ কৰিছে । এই ঘটনাৰ কথা জনাই তেওঁ ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী কৰে । ইয়াৰ পাছতে, মোৰাদাবাদ আৰক্ষীৰ ঘটনাৰ বিষয়ে গ’ম পায় আৰু মোৰাদাবাদ আৰক্ষীয়ে টুইট কৰি চাইবাৰ চেলক তদন্ত কৰিবলৈ কয় । মোৰাদাবাদৰ জ্যেষ্ঠ বিষয়াসকলৰ নির্দেশমৰ্মে, চাইবাৰ চেলে তৎক্ষণাৎ ব্যৱস্থা গ্ৰহণ কৰিছে ।

শিৰচ্ছেদৰ বাবে দুই কোটি টকা পুৰস্কাৰ আত্মপ্রকাশ পণ্ডিত নামে এই ফেচবুক আইডিৰ কভাৰ ফটোত মোৰাদাবাদ জিলা মেজিষ্ট্ৰেট শৈলেন্দ্র কুমাৰ সিঙৰ ছবি ৰখা হয় । লগতে আন এটা প’ষ্টত পাকিস্তানৰ পতাকাও দেখা গৈছে । মুখ্যমন্ত্রী যোগী আদিত্যনাথৰ ছবিৰ লগতে পাকিস্তানৰ প্রাক্তন প্রধানমন্ত্রী ইমৰান খানৰ এটা ছবিও প’ষ্ট কৰা হৈছে এই প্র’ফাইলত । সেই প’ষ্টত মুখ্যমন্ত্রী যোগী আদিত্যনাথৰ শিৰচ্ছেদ কৰিবৰ বাবে দুই কোটি টকা পুৰস্কাৰ দিয়াৰ কথাও ঘোষণা কৰা হৈছে ।

উল্লেখযোগ্য যে প’ষ্টত অনুপযুক্ত ভাষাও ব্যৱহাৰ কৰা হৈছে । প’ষ্টত লিখা হৈছে, মূৰ কাটি পেলাব পাৰিলে নগদ দুই কোটি টকা পুৰস্কাৰ দিয়া হ’ব ।

তদন্তত নামিছে চাইবাৰ টিম

ইয়াৰ পাছতে আত্মপ্রকাশ পণ্ডিত নামে ফেচবুক একাউন্ট বনোৱা যুৱকজনে, তেওঁৰ ফেচবুক একাউন্ট অন্য কোনোৱে ব্যৱহাৰ কৰি আছে বুলি আৰক্ষীক জনায় । তেওঁ এই ঘটনাৰ তদন্ত দাবী কৰিছে । এছপি চিটি অখিলেশ ভাদৌৰিয়াক এই বিষয়ত সোধ-পোচ কৰাত তেওঁ কয় যে বিষয়টো তেওঁৰ দৃষ্টিগোচৰ হৈছে । তেওঁ কয় যে তদন্ত কৰি জানিব পৰা গৈছে আত্মপ্রকাশ পণ্ডিত নামে এজন ব্যক্তি সঁচাকৈয়ে আছে ।

তেওঁ কয় যে তেওঁ এটা ফেচবুক একাউন্ট তৈয়াৰ কৰিছিল, যাৰ অন্য কোনোৱে অপব্যৱহাৰ কৰিছে আৰু সেই ফেচবুকত এনে প’ষ্ট কৰিছে যি অসামাজিক । প’ষ্টত নানা ধৰণৰ কথা কোৱা হৈছে । আৰক্ষীৰ চাইবাৰ টিমে বর্তমান এয়া সন্ধান কৰিছে কোনে প্ৰকৃততে ব্যৱহাৰ কৰিছে । ব্যক্তিজনে সঁচা কথা কৈছে নে নাই, সেয়াও পৰ্যবেক্ষণ কৰা হৈছে বুলি জনাইছে তেওঁ ।

ফেচবুক পেজ তৈয়াৰ কৰা ব্যক্তি নিজেই উপস্থিত

তেওঁ আৰু কয়, ফেচবুককো অনুৰোধ কৰা হৈছে যে, এই ধৰণৰ একাউন্ট অতি শীঘ্ৰে বন্ধ কৰিব লাগিব । অতি শীঘ্ৰে সকলোবোৰ তথ্য পোহৰলৈ আহিব বুলিও তেওঁ জনাইছে । যিয়েই দোষী নহ‌ওক কিয় তেওঁৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি জনাইছে ।

একেই সময়তে, যেতিয়া তেওঁক প্ৰশ্ন কৰা হৈছিল এই একাউন্টটো হেক হৈছে নেকি, তেওঁ কয় যে তেওঁলোকৰ চাইবাৰ টিমে এই বিষয়ত তদন্ত কৰিছে । যিয়ে একাউন্টটো তৈয়াৰ কৰিছে তেওঁ নিজেই আগবাঢ়ি আহিছে আৰু নিজেই কৈছে যে কোনোৱে অপব্যৱহাৰ কৰিছে । আৰক্ষীৰ চাইবাৰ বিশেষজ্ঞসকলে এই ঘটনাৰ সন্দৰ্ভত তদন্ত কৰিছে । এই পেজটো মোৰাদাবাদ আৰক্ষীৰ নহয় । যিয়ে বনাইছে তেওঁ নিজে জনাইছে যে তেওঁ এইটো তৈয়াৰ কৰিছে কিন্তু অন্য কোনোৱে ভুলকৈ ব্যৱহাৰ কৰিছে ।

Exit mobile version