Viral : ‘আমি পাঁচজনক মাৰিছো, তেওঁলোকে এজনক’, ভাইৰেল ভিডিঅ’ত দাবী বিজেপি নেতাৰ

324j5k5o gyan dev ahuja former mla of the bjp from ramgarh segment in alwar rajasthan

সাম্প্রদায়িক হিংসা সৃষ্টি কৰাৰ অভিযোগত ৰাজস্থানৰ বিজেপি নেতা জ্ঞানদেৱ আহুজাক গ্রেপ্তাৰ কৰিলে ৰাজ্যৰ আৰক্ষীয়ে । সম্প্রতি আহুজাৰ এটা ভিডিঅ’ ভাইৰেল হৈছে । সেই ভিডিঅ’ত তেওঁক কৈ থকা শুনা যায়, “আমি ইয়াৰ আগতে পাঁচজনক মাৰিছো । এয়ে প্রথম তেওঁলোকে আমাৰ এজনক মাৰিব পাৰিলে ।”

কিন্তু এই ‘আমি’ কোন ? আৰু ‘তেওঁলোক’ বা কোন ? ভিডিঅ’ৰ দ্বাৰাই সেয়া স্পষ্টভাৱে বুজিব পৰা যায় । আহুজা বর্ণিত ‘তেওঁলোক’ প্ৰকৃততে ৰাজ্যৰ সংখ্যালঘু সম্প্রদায়ৰ লোক । ‘আমি’ হ’ল তথাকথিত গোৰক্ষক বাহিনীৰ স’তে জড়িতসকল । গোহত্যাকাৰীৰ সন্দেহত গণপ্ৰহাৰত হত্যা হোৱা পহেলু খান আৰু ৰাকবৰ খানৰ প্রসংগও এই ভিডিঅ’ত প্ৰকাশ পাইছে ।

আহুজাই ভিডিঅ’টোৰ এটা অংশত কয়, বেৰোৰ হ‌ওক বা লালৱাণ্ডি, আমি ইতিমধ্যে পাঁচজনক মাৰিছো । প্রসংগত, ২০১৭ৰ এক এপ্রিলত ৫৫ বছৰৰ পহেলু খানক ৰাজস্থানৰ আলৱাৰ জিলাৰ বেহৰোৰত প্রায় দুশ জনীয়া এটা দলে গোহত্যাকাৰী সন্দেহত লোহাৰ ৰডেৰে মাৰধৰ কৰে । ঘটনাৰ দুদিন পাছত পহেলুৰ মৃত্যু হয় ।

একেদৰেই ২০১৮ৰ ২১ জুলাইত হাৰিয়ানাত ২৯ বছৰ বয়সৰ ৰাকবৰ খানকে প্ৰহাৰ কৰি হত্যা কৰা হয় ।

ভিডিঅ’ৰ এটা অংশত আহুজাই কয়, “ম‌ই মোৰ মানুহক হত্যা কৰাৰ পূর্ণ স্বাধীনতা দিছো । তেওঁলোক ধৰা পৰিলেও আমি তেওঁলোকক জামিন দি মুক্ত কৰিম ।”

আৰক্ষীৰ হাতত ধৰা পৰাৰ পাছত অৱশ্যে আহুজাই দাবী কৰিছে, তেওঁৰ বক্তব্য বিকৃত কৰা হৈছে । নিজৰ বক্তব্যৰ সমর্থনত তেওঁ কয়, আলৱাৰত তেওঁৰ নির্বাচনী অঞ্চলত হিন্দু জাগৰণ মঞ্চৰ সদস্যসকলে তেওঁৰ স’তে নানা বিষয়ত আলোচনা কৰিছিল । তাতেই তেওঁলোকে তেওঁক জনায়, ৰাজস্থানৰ মেৱাত অঞ্চলত মুছলিমসকলে ছাইনি বোলা এজন হিন্দুক প্ৰহাৰ কৰি হত্যা কৰিছে । পূৰ্বে যি পাঁচজন মুছলমান গণপ্ৰহাৰত মৃত্যু হৈছে, তেওঁলোকে গৰু সৰবৰাহ আৰু হত্যাৰ স’তে জড়িত বুলি দাবী কৰিছে আহুজাই ।

মুছলিমসকলে অসংখ্য সন্তান জন্ম দি ভাৰতক দখল কৰাৰ চেষ্টা কৰিছে বুলিও অভিযোগ কৰিছে আহুজাই । ৰাজস্থান প্রদেশ কংগ্রেছ সভাপতি গোবিন্দ সিং দোতাছাৰাই ভিডিঅ’টো টুইট কৰি প্রশ্ন কৰিছে, বিজেপি যে কিমান সাম্প্রদায়িক দল, সেয়া বুজিবলৈ আৰু কোনো তথ্যপ্রমাণৰ প্রয়োজন আছে নেকি ?

Exit mobile version