সুৰাসক্ত সংগীত শিক্ষকৰ নিৰ্মম প্ৰহাৰত গুৰুতৰ ভাবে আহত ধিং জৱাহাৰ নৱোদয় বিদ্যালয়ৰৰ দ্বাদশ শ্ৰণীৰ ছাত্ৰ

যোৱা নিশা ধিং জৱাহাৰ নৱোদয়ৰ সুৰামত্ত এগৰাকী সংগীত শিক্ষকৰ প্ৰহাৰত গুৰুতৰভাৱে আহত হয় দ্বাদশ শ্ৰেণীৰ এগৰাকী ছাত্ৰ ৷ ফলত উত্তপ্ত হৈ পৰে বিদ্যালয় চৌহদ ৷ আৰক্ষীৰ সহায় বিছাৰি নিশাই ধিং থানাত উপস্থিত হয় আহত ছাত্ৰসহ ৪০-৫০ জন ছাত্ৰ ৷ এই ঘটনাক কেন্দ্ৰ কৰি বৰ্তমানে সমগ্ৰ অঞ্চলটোতে তীব্ৰ উত্তেজনা অব্যাহত আছে ৷

উল্লেখ্য যে, ধিং জৱাহাৰ নৱোদয় বিদ্যালয়ৰ সংগীত শিক্ষক জ্যোতিপ্ৰসাদ গৌৰে সুৰাপান কৰি মাৰ-পিট কৰে দ্বাদশ শ্ৰেণীৰ বিকাশ দাস নামৰ ছাত্ৰজনক ৷ লগে লগে তেওঁৰ সহপাঠী ছাত্ৰ-ছাত্ৰীসকলে এই ঘটনাৰ তীব্ৰ প্ৰতিবাদ কৰাৰ লগতে ইয়াৰ এক সুবিচাৰ বিচাৰি বিদ্যালয়খনৰ অধ্যক্ষগৰাকীক সমগ্ৰ বিষটো অৱগত কৰে; কিন্তু প্ৰায় দুঘণ্টা সময় ধৰি অধ্যক্ষৰ পৰা কোনো সুবিচাৰ লাভ নকৰি নিশাই আহত ছাত্ৰজনক লগত লৈ আৰক্ষীৰ সহায় বিচাৰি তিনি-চাৰি কিলোমিটাৰ খোজকাঢ়ি নিশাই ছাত্ৰসকল আহি উপস্থিত হয় ধিং থানাত ৷ আহত ছাত্ৰজনক চিকিৎসাৰ ব্যৱস্থা নকৰি এইসকল ছাত্ৰ ধিং থানাত উপস্থিত হোৱাৰ পূৰ্বে ধিং থানাত উপস্থিত হৈ বাহৰ পাতে অধ্যক্ষসহ শিক্ষক গোটে ৷

ধিং থানাত উপস্থিত হৈ এইসকল ছাত্ৰই থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মিটু দাসে সমগ্ৰ ঘটনাৰ বিষয়ে আহত ছাত্ৰজনৰ লগত আলোচনা কৰে ৷ ইফালে বিদ্যালয় কৰ্তৃপক্ষই এই সমগ্ৰ ঘটনাৰ বিষয়ে বহু পলমকৈ আহত ছাত্ৰজনৰ পৰিয়ালক খবৰ দিয়ে যদিও বহু সময়লৈকে তেওঁলোকে সাক্ষাৎ কৰিব পৰা নাছিল ছাত্ৰজনক ৷

একাংশ শিক্ষকৰ উদ্ভণ্ডালিয়ে বিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ বিঘ্নিত কৰিছে ৷ সোপধিলা প্ৰশাসনিক ব্যৱস্থাৰ বাবে বিদ্যালয়খনত নিতৌ বৃদ্ধি পাইছে কেতবোৰ বিক্ষিপ্ত ঘটনা ৷ চিন্তিত হৈ পৰিছে ধিং জৱাহৰ নৱোদয় বিদ্যালয়ত অধ্যয়নৰত ছাত্র-ছাত্ৰীৰ অভিভাৱকসকল ।

Exit mobile version