কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহৰা ৰেঞ্জত এটা বাঘক হত্যা কৰাৰ অভিযোগত বনৰক্ষীয়ে পাঁচজন চোৰাং চিকাৰীক আটক কৰে । চোৰাং চিকাৰীসকলক উদ্যানৰ কহৰা ৰেঞ্জৰ সমীপৱৰ্তী ১ নং শিলডুবিৰ পৰা গ্ৰেপ্তাৰ কৰা হয় ।
ADVERTISEMENT
ধৃত চোৰাং চিকাৰী পাঁচটা হ’ল শ্যামল সুক্লাবাইদ্য, হীৰা মুণ্ডা, জয়ৰাম চাওৰা, সঞ্জয় চাওৰা আৰু ৰাজেশ গোৱালা।
উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে, ২৮ ফেব্ৰুৱাৰীত উদ্যানখনৰ চিলডুবিত এটা মাইকী বাঘ মৃত অৱস্থাত পোৱা গৈছিল। মৃত্যুৰ কাৰণ বিষক্ৰিয়া হোৱা বুলি সন্দেহ কৰা হৈছিল ৷