অৱশেষত আৰক্ষীৰ জালত মহানগৰীৰ ছাত্ৰীবাৰীৰ হত্যাকাণ্ডৰ মাষ্টাৰমাইণ্ড ৷ দেওবাৰে গুৱাহাটী মহানগৰ আৰক্ষীয়ে গোপন সূত্ৰৰ পমখেদি বিহাৰ আৰক্ষীয়ে দিল্লীৰ চান্দনীচকৰ পৰা পৰা ছাত্ৰীবাৰী হত্যাকাণ্ডৰ মাষ্টাৰমাইণ্ডক আটক কৰিবলৈ সক্ষম হয় । ধৃত লোকজনক ডব্লিউ যাদৱ বুলি চিনাক্ত কৰিছে আৰক্ষীয়ে ৷ ইয়াৰ পূৰ্বে, গুৱাহাটী আৰক্ষীয়ে বিহাৰৰ পৰা ছাত্ৰীবাৰী হত্যাকাণ্ডৰ গোচৰত পংকজ কুমাৰ নামৰ আন এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছিল । আৰক্ষীৰ জেৰাত আটকাধীন পংকজ কুমাৰে প্ৰকাশ কৰিছিল যে গোটেই ঘটনাটো ডব্লিউ যাদৱে পৰিকল্পনা কৰিছিল যি নেপালত আত্মগোপন কৰি আছিল।
উল্লেখ্য যোৱা ২১ ফেব্ৰুৱাৰীত গুৱাহাটীৰ ছাত্ৰীবাৰী অঞ্চলত ব্যৱসায়ী অৱদেশ যাদৱক তেওঁৰ বাসগৃহৰ ওচৰত বাইক আৰোহী আক্ৰমণকাৰীয়ে গুলীয়াই হত্যা কৰিছিল ।
মৃত অৱদেশ যাদৱক পইণ্ট-ব্লেংক ৰেঞ্জত তিনিবাৰ বুকুত গুলী মাৰিছিল । গুৰুতৰভাৱে আহত যাদৱক ততাতৈয়াকৈ মাৰোৱাৰী প্ৰসূতি চিকিৎসালয়লৈ লৈ যোৱা হৈছিল যদিও কিছুসময়ৰ পিছতে চিকিৎসাধীন অৱস্থাতে মৃত্যুক সাৱটি লয় ৷