PARVATI পাৰ্বতীৰ চৰিত্ৰ ৰূপায়ণ কৰি থকা সময়তে মৃত্যুক সাৱটিলে এগৰাকী শিল্পীয়ে

WhatsApp Image 2022 09 08 at 18.16.24

মৃত্যুকো অভিনয় বুলি ভাবিছিল দৰ্শকে । এগৰাকী নৃত্যশিল্পীয়ে মঞ্চত পাৰ্বতীৰ চৰিত্ৰ ৰূপায়ণ কৰি থকা সময়তে হঠাৎ ঢলি পৰিছিল । যদিও দৰ্শকে সেইয়া অভিনয় বুলিয়েই ভাবি আছিল । যেতিয়া সহ অভিনেতা সকল মঞ্চত উপবিষ্ট হ’ল ,তেতিয়াহে শিল্পী গৰাকীৰ মৃত্যু হোৱা কথাটো পোহৰলৈ আহিল । এই ঘটনা সংঘটিত হৈছে জম্মুৰ বিছনাহ অঞ্চলত । শিল্পী গৰাকীৰ নাম হৈছে যোগেশ গুপ্তা ।

২০ বছৰীয়া যুৱকজন বুধবাৰে নিশা গণেশ পূজা উপলক্ষে অনুষ্ঠিত হোৱা সাংস্কৃতিক অনুষ্ঠানত পাৰ্বতীৰ চৰিত্ৰত নৃত্য প্ৰদৰ্শন কৰি আছিল । হঠাৎ মঞ্চৰ ওপৰত ঢলি পৰা যুৱকজনক দেখি সকলোৱে অভিনয়ৰ এক অংশবিশেষ বুলিয়েই ভাবি আছিল যদিও কিছুসময়ৰ পিছত সহযোগী একাংশ শিল্পী ওচৰলৈ গৈ হৃদয়স্পন্দন পৰীক্ষা কৰাতহে শিল্পীজনৰ হাৰ্ট এটেক হোৱা বুলি জানিব পাৰে । ইতিমধ্যে নৃত্য কৰি থকা অৱস্থাত মৃত্যু হোৱা শিল্পীগৰাকীৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত বিয়পি পৰিছে । সমগ্ৰ ভিডিঅ” প্ৰত্যক্ষ কৰি সকলো লোক আৱেগিক হৈ পৰা পৰিলক্ষিত হৈছে । উল্লেখযোগ্য যে, কিছুদিন পূৰ্বে উত্তৰপ্ৰদেশতো এজন শিল্পীয়ে হনুমানৰ চৰিত্ৰত অভিনয় কৰি থকা সময়তে মৃত্যুক সাৱটি লৈছিল ।

Exit mobile version