SELF-HELP GROUP আত্মসহায়ক গোটক ঋণ দিয়াৰ নামত নগাঁৱত মানীকেপৰ কেইবালক্ষাধিক টকা সংগ্ৰহ

ঋণ দিয়াৰ পূৰ্বে পলায়ন মানী কেপৰ

WhatsApp Image 2022 09 08 at 18.05.32

SELF-HELP GROUP আত্মসহায়ক গোটক ঋণ দিয়াৰ নামত নগাঁৱত বিত্তীয় প্ৰতিষ্ঠানৰ কেইবালক্ষাধিক টকা সংগ্ৰহ ৷ ঋণ দিয়াৰ পূৰ্বে কাৰ্যালয়ত তলা উলমাই পলায়ন কৰে প্ৰতিষ্ঠানটোৱে ৷ এই কাৰ্য সংঘটিত হয় নগাঁৱত ৷ চহৰখনৰ হয়বৰগাঁৱৰ লক্ষীনগৰত যোৱা আগষ্ট মাহত মানীকেপ নামৰ বিত্তীয় প্ৰতিষ্ঠান এটি খোলে গুৱাহাটীৰ অনুৰাগ ডেকা আৰু নগাঁৱৰে ৰনজিৎ বড়ি নামৰ যুৱকদ্বয়ে ৷

কাৰ্য্যালয় খোলাৰ পিছতে জিলাখনৰ বিভিন্ন স্থানৰ আত্মসহায়ক গোট সমুহক ঋণ দিয়াৰ নামত সংগ্ৰহ কৰে ১০-২০ হাজাৰকৈ টকা ৷ কিন্ত ঋণ দিয়াৰ দুৰৰে কথা কাৰ্যালয়টোত তলা উলমাই পলায়ন কৰে প্ৰবঞ্চক যুৱকদ্বয়ে ৷ আজি কাৰ্যালয়টোৰ সন্মুখত বহু আত্মসহায়ক গোটৰ কৰ্মকৰ্তা উপস্থিত হৈ প্ৰৱঞ্চক যুৱকদ্বয়ৰ বিৰু সোচ্ছাৰ হৈ পৰে ৷ তেওঁলোকৰ দাবী শীৰ্ঘে যুৱকদ্বয়ক কৰায়ত্ব কৰক আৰক্ষীয়ে ৷

Exit mobile version