GUWAHATI গুৱাহাটী ৰে’লৱে ষ্টেচনত জি আৰ পি বাহিনীৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ আফিং সহ দুজন সৰবৰাহকাৰীক ৷ ধৃত লোক কেইজন হ’ল কল্লাৰাজ আৰু মনিষ কুমাৰ ৷ দুয়োৰে ঘৰ ৰাজস্থানত ৷ নামনিমুৱা তিনিচুকীয়া-দিল্লী অভিমুখী ৰাজধানী এক্সপ্ৰেছত অনা হৈছিল আফিং খিনি ৷ শুক্ৰবাৰে দুপৰীয়া ভাগত গোপন সূত্ৰৰ পমখেদি ৰে’লৱে আৰক্ষীৰ দল এটাই ট্ৰেইনখনত অভিযান চলাই এটা ডবাৰ পৰা দুই সৰবৰাহকাৰী সহ বৃহৎ পৰিমাণৰ আফিং সহ কৰায়ত্ত কৰিবলৈ সক্ষম হয়৷ ৷
জব্দ কৰা ২.০৪৩ ওজনৰ আফিং খিনিৰ আন্ত:ৰাষ্ট্ৰীয় বজাৰ মুল্য প্ৰায় সাত কোটি টকা হ’ব ৷ জি আৰ পিয়ে ধৃত সৰবৰাহকাৰী কেইজনৰ বিৰুদ্ধে এটা গোচৰ ৰজু কৰি অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে ৷