PM AWARD সুদীৰ্ঘ ৩৮ বছৰ পিছত সন্ত্ৰাসবাদী আক্ৰমণত মৃত্যুবৰণ কৰা দুধনৈৰ আমগুৰী গাঁৱৰ নৱপ্ৰদীপ বসুমতাৰী নামৰ সেনা জোৱানজনক কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰিলে সাহসিকতা বঁটা । আমগুৰী গাঁৱৰ প্ৰাথমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হোৱা আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি ” শ্বহীদক শত শত নমন” শীৰ্ষক এই অনুষ্ঠানত এই সন্মান আগবঢ়োৱা হয় । ১৯৮৪ চনত পঞ্জাৱৰ অমৃতচৰত থকা স্বৰ্ণ মন্দিৰত সন্ত্ৰাসবাদীৰ ভয়ংকৰ আক্ৰমণ সংঘটিত হৈছিল আৰু সেই সন্ত্ৰাসবাদী আক্ৰমণক প্ৰতিহত কৰিবলৈ নিয়োগ কৰা হৈছিল ভাৰতীয় সেনা ৷ উক্ত সেনাৰ দলটোত থকা অসম সন্তান গৰাকীক সন্ত্ৰাসবাদীৰ গুলীয়ে বুকু ভেদি গৈছিল ।
দেশ মাতৃৰ সুৰক্ষাৰ স্বাৰ্থত আত্মবলিদান দিয়া শ্বহীদ নবপ্ৰদীপ বসুমতাৰীক সুদীৰ্ঘ ৩৮ বছৰ পিছত আজি আজাদী কা অমৃত মহোৎসৱৰ সৈতে সংগতি ৰাখি আনুষ্ঠানিকভাৱে দেশৰ প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰিলে “সাহসিকতাৰ বঁটা”৷ আমগুৰিত থকা বীৰ শ্বহীদ গৰাকীৰ নিজা গৃহত উপস্থিত হৈ 50 Assam Air Sqn NCC ৰ কমাণ্ডিং অফিচাৰ ৰবীন বিশৈ য়ে শ্বহীদ গৰাকীৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰাৰ লগতে বীৰ শ্বহীদ গৰাকীৰ আত্মাৰ চিৰশান্তি কামনা কৰি ২ মিনিট সময় মৌন প্ৰাৰ্থনা জনায় । ইয়াৰ পিছতে শ্বহীদ নবপ্ৰদীপ বসুমতাৰীৰ পৰিয়ালৰ দুই ভাতৃ আৰু দুই ভগ্নীৰ হাতত প্ৰধানমন্ত্ৰীয়ে শ্বহীদ গৰাকীলৈ প্ৰেৰণ কৰা এটা “স্মাৰক ”প্ৰদান কৰে
৷ উল্লেখযোগ্য যে, সুদীৰ্ঘ ৩৮ বছৰৰ পিছত প্ৰধানমন্ত্ৰীৰ চহী সম্বলিত বঁটা লাভ কৰি, এই সন্মানৰ বাবে পৰিয়ালৰ লোক সকলে চৰকাৰক ধন্যবাদ জনোৱাৰ লগতে দেশৰ বাবে নিজ ভাতৃয়ে বলিদান দিয়া কাৰ্যক দেশৰ গৌৰৱ বুলি অভিহিত কৰে ।