বিশ্ব স্বাস্থ্য সংস্থাৰ এক তথ্যই স্তম্ভিত কৰিছে । তেওঁলোকে জনাইছে, বিশ্বত প্রতি বছৰে সাত লাখ লোকৰ আত্মহত্যাৰ কাৰণত মৃত্যু হয় । ১৫ৰ পৰা ১৯ বছৰ বয়সৰসকলৰ মৃত্যুৰ ক্ষেত্রত এইটো এটা চিন্তনীয় কাৰণ । অতি চমক দিয়াৰ দৰে তথ্য তাত সন্দেহ নাই । কিন্তু সমাজৰ সকলো স্তৰতেই ইয়াৰ কাৰণ সন্ধান কৰিবলৈ আগ্রহী তেওঁলোক । বিষয়টোক লৈ চর্চা কৰি তেওঁলোকে একাধিক কাৰণ বিচাৰি উলিয়াইছে যেনে, মেন্টেল ডিজঅর্ডাৰ, পাৰ্ছ’নেলিটি কেৰেক্টাৰষ্টিকছ, প্রিভিয়াছ ছুইচাইড এটেম্পটছ ইত্যাদি ।
এই সংক্রান্তত গৱেষণা অনুযায়ী, অৱসাদ আৰু আত্মহত্যাক পৰস্পৰ সম্পর্কযুক্ত বুলি ধাৰণা কৰা হয় । মস্তিষ্কত ছেৰ’ট’নিন লেভেল কমাৰ বাবে দায়ী ইহঁতৰ সম্পর্ক । ছেৰ’ট’নিনে ৰিছেপ্টৰ মস্তিষ্কক ক্রিয়াশীল থকাত সহায় কৰে । কিন্তু যিসকলৰ বিপুল পৰিমাণে মানসিক হতাশাই কাম কৰে, যিসকল দুর্বল হয়, যিসকৱৰ আত্মহত্যাৰ প্রৱণতা থাকে, তেওঁলোকৰ এই ৰিছেপ্টৰ সিমান সক্রিয় নাথাকে বাবে এনে ধৰণৰ ঘটনা সংঘটিত হয় ।
অৱশ্যে সাম্প্রতিক অতীতত ক’ভিডে মানুহক অৱসাদগ্রস্ত কৰাৰ ক্ষেত্রত বৃহৎ ভূমিকা গ্ৰহণ কৰিছে । ক’ভিডৰ ফলত প্রিয়জনৰ মৃত্যুৱে মানুহক প্ৰত্যক্ষভাৱে অৱসাদগ্ৰস্ত কৰিলে । তদুপৰি ক’ভিডৰ ফলত যেনেদৰে সমাজ-অর্থনীতিত প্ৰভাৱ পৰিছে ইয়াৰ ফলত বহু লোক আর্থিক আৰু মানসিকভাৱে ভাঙি পৰিছে ।
মনকৰিবলগীয়া যে সমাজ আৰু বন্ধুপরৰিজনৰ পৰা সামাজিক শাৰীৰিক দূৰত্ব মানি চলাই অনেকেৰেই মনত গভীৰ চাপ পেলাইছে । ইয়াৰ ফলত অনেকেই কেতিয়াবা আত্মহত্যাৰ কথা ভাবি লয় । ফলত, ক’ভিডো আত্মহত্যাৰ ক্ষেত্রত গুৰুত্বপূর্ণ কিন্তু নেতিবাচক ভূমিকা পালন কৰিছে ।
কিন্তু এই অন্ধকাৰ গহ্বৰৰ অন্ত ক’ত ? ক্রমশ অৱসাদৰ অন্ধকাৰত ডুবি থকা আৰু আত্মহত্যাকামী লোকসকলৰ বাবে কোনো পোহৰৰ উৎস নাই নেকি ?
আছে । নেছনেল ইনষ্টিটিউট অৱ মেন্টেল হেল্থে এই ক্ষেত্রত কিছুমান উপায় উলিয়াইছে । যেনে :
কগনিটিভ বিহেভিয়াৰেল থেৰাপি– ই ৰোগীক ষ্ট্ৰেছফুল পৰিস্থিতিৰ পৰা উলাই অহাত সহায় কৰে ।
ডায়েলেকটিকেল বিহেভিয়াৰেল থেৰাপি– ই ৰোগীৰ আবেগক নিয়ন্ত্রণ কৰাৰ উপায় দিয় ।
ব্রিফ ইন্টাৰভেনছন ষ্ট্ৰেটেজিছ– কথা পাতি ৰোগীৰ মনক অর্গলমুক্ত কৰি দিয়া পদ্ধতি ।
কলাব’ৰেটিভ কেয়াৰ– এইটো সামগ্রিক মেন্টেল হেল্থ কেয়াৰ ।
বিশ্ব স্বাস্থ্য সংস্থা তথা ‘হু’ৱে এটা ইউনিভাৰ্ছেল ছুইচাইড প্রিভেনছন ষ্ট্ৰেটেজিৰ পৰামর্শ দিছে । তেওঁলোকে কয়– ‘লিভ লাইফ এপ্র’চ’ ।