অম্লান জ্যোতি দত্তৰ হাতত আছে ২৬০০০ নিযুক্তি প্ৰক্ৰিয়াত অনিয়মৰ সকলো তথ্য

IMG 20220911 WA0004

ভিক্টৰ দাসৰ ছাত্ৰ অম্লান জ্যোতি দত্ত‌ই আজি সাংবাদিকৰ আগত কয় যে অসম চৰকাৰৰ ২৬০০০ নিযুক্তি প্ৰক্ৰিয়াত অনিয়মৰ সকলো তথ্য তেওঁৰ লগত আছে আৰু তেওঁ সেইখিনি সময়ত ফাদিল কৰিব ।

অম্লানে কয়, “২৬০০০ নিযুক্তিত ধন লেনদেন হোৱা সকলো তথ্য মোৰ লগত আছে । সেয়া ম‌ই মোৰ বিশ্বাসী মানুহৰ হাতত দি থৈছো । সময়ত ফাদিল কৰিম । আৰক্ষীকো কিছুমান তথ্য দিছো ।”

তেওঁ আৰু কয়, “আৰক্ষী প্ৰশাসন আৰু অসম চৰকাৰৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে । চৰকাৰলৈ মোৰ এটাই আবেদন দোষীজনক উলিয়াই উচিত শাস্তি প্ৰদান কৰক ।”

Exit mobile version