বোকাজানৰ ডিলাইত নৈশবাছৰ পৰা সোণৰ বিস্কুট উদ্ধাৰ, আটক দুই সৰৱৰাহকাৰী

WhatsApp Image 2022 09 11 at 20.12.42 1

বোকাজানৰ ডিলাইত ডিলাই আৰক্ষী, লাহৰীজান পহৰাদাৰী চকী আৰু চি আৰ পি এফৰ এক বিশেষ তালাচীত শনিবাৰে মণিপুৰৰ পৰা এখন নৈশ বাছৰ পৰা ১৪ খন সোণৰ বিস্কুট জব্দ কৰাৰ লগতে দুই সৰৱৰাহকাৰী আটক কৰে ৷

আৰক্ষীৰ সুত্ৰ অনুসৰি এম.এন.০৩-০৪০৩ নম্বৰৰ নৈশবাছত এই চোৰাং সোণ সৰৱৰাহৰ আগতীয়া তথ্যৰ ভিত্তিত এই অভিযান ডিলাইৰ ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথত চলিছিল ৷

জব্দ হোৱা সোণৰ বিস্কুট খিনিৰ ওজন দুই কেজি তিনিশ তেইশ গ্ৰাম আৰু ইয়াৰ বজাৰমূল্য কোটি টকাৰো অধিক ৷ আটকাধীন দুই সৰৱৰাহকাৰী হ’ল ক্ৰমে মণিপুৰৰ থউবাল জিলাৰ ম:মচহৰুদ্দিন আৰু ম: মহিম ৷

Exit mobile version