EXCISE DEVT.আবকাৰী বিভাগৰ অভিযানত বৰপেটাৰ হাউলীত ভেজাল সুৰা প্ৰস্তুত কৰা এটা কাৰখানা উৎখাত কৰাৰ লগতে এজন লোকক গ্ৰেপ্তাৰ কৰে । আজি পুৱা ৫ ,বজাত হাউলীৰ জলজলিত বৰপেটাৰ আবকাৰী পৰিদৰ্শক সৌৰভ প্ৰাণ শৰ্মা আৰু সহকাৰী পৰিদৰ্শক প্ৰশান্ত পাঠকৰ নেতৃত্বত যোৱা এটা দলে এই ভেজাল সুৰা তৈয়াৰ কৰা কাৰখানাটো উৎখাত কৰাৰ লগতে সুৰা প্ৰস্তুত কৰা চন্দ্ৰ শীলক গ্ৰেপ্তাৰ কৰে ।
ADVERTISEMENT
উল্লেখযোগ্য যে, এটা বৃহৎ আকাৰৰ ড্ৰামত বৰষুণৰ পানী জমা কৰি ,সেই পানীত স্পিৰিট মিহলি কৰি এই ভেজাল সুৰা প্ৰস্তুত কৰিছিল । ইফালে উক্ত স্থানৰ পৰা বিলাতী সুৰাৰ খালী বটল, লেবেল, সাফৰ আদিও জব্দ কৰে অভিযানকাৰী দলটোৱে ।