ECONOMIC CRISIS IN AFGHANISTAN ; অৰ্থনৈতিক সংকটত ভুগিছে তালিবান শাসিত আফগানিস্তান। এনে অৱস্থাত দেশৰ বেছিভাগ অনলাইন প্ৰডাক্ট শ্বপিং চাইট বন্ধ হ’ব। শেহতীয়াকৈ দেশৰ দুটা আগশাৰীৰ কোম্পানী খামা প্ৰেছ আৰু ক্লিক অফে অনলাইন প্ৰডাক্ট সেৱা বন্ধ কৰাৰ সিদ্ধান্ত লৈছে।
২০২১ত তালিবানে আফগানিস্তান দখল কৰাৰ পিছত ৰাজনৈতিক, সামাজিক আৰু অৰ্থনৈতিক অস্থিৰতা দেখা দিছিল। দেশত অব্যাহত আছে অৰ্থনৈতিক সংকট। এই সেৱা বন্ধ কৰাৰ কাৰণ ব্যাখ্যা কৰি ক্লিক অফে কয় যে আৰ্থিক কাৰণত সেৱা বন্ধ কৰিবলৈ বাধ্য হৈছে। এই কোম্পানীটোৱে বিগত ছয় বছৰ ধৰি আফগানিস্তানত অনলাইন প্ৰডাক্ট সেৱাৰ সৈতে জড়িত হৈ আছে। সংগঠনটোৰ মুৰব্বী ষ্টেনেকজাইয়ে এই সন্দৰ্ভত কোনো মন্তব্য দিবলৈ সাজু নহয় বুলিও কয়। কিন্তু একে সময়তে অতি শীঘ্ৰে পৰিস্থিতি স্বাভাৱিক হ’ব বুলিও তেওঁ আশা প্ৰকাশ কৰিছে।
২০২১ৰ আগষ্টত তালিবানে দেশখনৰ ৰাজধানী কাবুল দখল কৰে। ইয়াৰ পিছত ৰাষ্ট্ৰসংঘৰ এক প্ৰতিবেদনত দাবী কৰা হৈছিল যে প্ৰায় ডেৰ লাখ লোক চৰম দৰিদ্ৰতাত পৰিছে। আন এটা আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ প্ৰতিবেদন অনুসৰি আফগানিস্তান বিশ্বৰ আটাইতকৈ অসুখী দেশসমূহৰ ভিতৰত শীৰ্ষত আছে। প্ৰতিবেদনত দাবী কৰা হৈছে যে আমেৰিকাই নিজৰ বাহিনী প্ৰত্যাহাৰ কৰাৰ পিছত সেই দেশৰ জনসাধাৰণৰ মানসিক বেদনা আৰু উদ্বিগ্নতা বৃদ্ধি পালে।
তালিবানে আফগানিস্তান দখল কৰাৰ পিছত সমগ্ৰ দেশতে মহিলাৰ অধিকাৰ কৰ্তন কৰা হৈছে বুলি অভিযোগ উত্থাপন হৈছে। কিছুমান বিশেষজ্ঞৰ মতে অনলাইন প্ৰডাক্ট চাৰ্ভিচেছ কোম্পানীসমূহৰ গ্ৰাহকৰ সংখ্যা অধিকাংশই মহিলা, গতিকে মহিলাৰ অধিকাৰৰ সংকোচন কোম্পানীটোৰ হ্ৰাস পোৱা লভ্যাংশৰ সৈতে জড়িত।