অজয় দেৱগণৰ “থেঙ্ক গড”ক নিষিদ্ধ ঘোষণা কুৱেট চেন্সৰ ব’ৰ্ডৰ 

h5n4jssg ajay

দেশৰ বাহিৰতো মুক্তি নহ’ল থেঙ্ক গড ছবিখন । অজয় দেৱগণ আৰু সিদ্ধাৰ্থ মালহোত্ৰা অভিনীত ছবিখন বিতৰ্কৰ মাজৰ সোমাই পৰা বাবে নিষিদ্ধ ঘোষণা কৰিলে কুৱেট চেন্সৰ বৰ্ডে । আগন্তুক ২৪ অক্টোবৰত দেশ-বিদেশৰ ছবিগৃহত মুক্তি পোৱাৰ কথা আছিল থেঙ্ক গড ছবিখন । তাৰ আগতে অনিশ্চিত ভৱিষ্যতৰ দিশে আগবাঢ়িছে ছবিখন ।

ইন্দ্ৰ কুমাৰৰ পৰিচালনাৰে পৌৰাণিক চৰিত্ৰ চিত্ৰগুপ্তক লৈ নিৰ্মাণ কৰা ছবিখনে ধৰ্মীয় অনুভূতিক আঘাত কৰাৰ অভিযোগত অভিনেতা অজয় দেৱগণ, সিদ্ধাৰ্থ মালহোত্ৰা আৰু পৰিচালক ইন্দ্ৰ কুমাৰৰ বিৰুদ্ধে অভিযোগ দাখিল হৈছে । এই বিষয়ক কেন্দ্ৰ কৰিয়েই কুৱেটতো ছবিখন বন্ধ কৰি দিয়ে । জানিব পৰা মতে, ছবিখনত ভগৱান চিত্ৰগুপ্তৰ উপাসনাকাৰী কায়স্থক সাম্প্ৰদায়িক অৱমাননা কৰাৰ বাবে অতিৰিক্ত মেজিষ্ট্ৰেট মণিকা মিশ্ৰৰ আদালতত এটা অভিযোগ দাখিল কৰা হৈছে ।

চিভিল ক’ৰ্টে অভিযোগকাৰী হিমাংশু শ্ৰীবাস্তৱৰ বক্তব্য ৰেকৰ্ড কৰিবলৈ অহা ১৮ নৱেম্বৰত তাৰিখ নিৰ্ধাৰণ কৰিছে । সম্প্ৰতি থেঙ্ক গড ছবিখনত চিত্ৰগুপ্তৰ ভূমিকাত অজয় দেৱগণে অভিনয় কৰিছে। অজয় অভিনীত সেই পৌৰাণিক চৰিত্ৰ সিদ্ধাৰ্থৰ ইহজগতৰ পাপ-পূণ্য,হিংসাৰ সৈতে থাকে । প্ৰচলিত বিশ্বাস অনুসৰি তিনিও কৰ্মফল গণনা কৰি পৰলোক মানুহৰ অৱস্থান নিৰ্ণয় কৰে । ‌

ছবিখনত এনে কিছুমান দৃশ্যত প্ৰভুক সৰু কৰি দেখুওৱা হৈছে বুলি অভিযোগ উত্থাপন হৈছে লগতে কিছু আপত্তিজনক ভাষা ব্যৱহাৰ কৰা বুলিও অভিযোগ উঠিছে । অভিযোগকাৰী তালিকাত থকা আনন্দ শ্ৰীবাস্তৱ, ব্ৰিজেশ নিষাদ,মান সিং, বিনোদ শ্ৰীবাস্তৱ আৰু ৰবি প্ৰকাশ পালে ১০ ছেপ্টেম্বৰত নেটমাধ্যমৰ যোগেদি থেঙ্ক গডৰ কিছু দৃশ্য প্ৰত্যক্ষ কৰিছিল ।

ইয়াৰপিছতে ছবিখন ঘৃণা আৰু অপমানসূচক দৃষ্টিভংগীৰে নিৰ্মাণ কৰা বুলি অভিযোগ আনি অধিক মুনাফা লাভৰ বাবে অৰ্থাৎ টিআৰপি বঢ়াবলৈ আপত্তিজনক দৃশ্য সংযোজন আৰু সাম্প্ৰদায়িক সম্প্ৰতিক এক নেতিবাচক দিশত লৈ যোৱাৰ প্ৰয়াস কৰা হৈছে বুলি গুৰুতৰ অভিযোগ আনিছিল । এই অভিযোগৰ ভিত্তিতেই এচিয়াৰ ইছলাম অধ্যুষিত দেশতো এই পৌৰাণিক হিন্দু ছবিখন বন্ধ কৰি দিয়াৰ ব্যৱস্থা কৰা হয় ।

Exit mobile version