GOALPARA : গোৱালপাৰাত চোৰাং গৰুৰ ব্যৱসায়ীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান : এসপ্তাহত ৫০ টা চোৰাং গৰু জব্দ

WhatsApp Image 2022 09 19 at 14.39.00

GOALPARA : গোৱালপাৰাত চোৰাং গৰুৰ বিৰুদ্ধে আৰক্ষীৰ তীব্ৰ অভিযান । এই অভিযানত কৃষ্ণাইত আৰক্ষীয়ে বিগত এসপ্তাহত মুঠ ৫০ টাকৈ চোৰাং গৰু জব্দ কৰিবলৈ সক্ষম হোৱাৰ লগতে তিনিটাকৈ চোৰাং গৰু ব্যৱসায়ী আটক কৰে । কৃষ্ণাই আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি কালি নিশা চলোৱা এক অভিযানত মাকৰিবড়ীৰ পৰা ১২ টা চোৰাং গৰু জব্দ কৰাৰ লগতে তিনিজনকৈ চোৰাং ব্যৱসায়ী আটক কৰিবলৈ সক্ষম হয় ।

উল্লেখযোগ্য যে , ইয়াৰপূৰ্বে আৰক্ষীয়ে খৰিধৰাৰ পৰাও ৩৮ টাকৈ চোৰাং গৰু জব্দ কৰিছিল । আৰক্ষীৰ সূত্ৰে প্ৰকাশ যে , এই চোৰাং গৰুসমূহ কৃষ্ণাইৰ পৰা প্ৰথমে মেঘালয় আৰু পিছত বাংলাদেশলৈ চালান দিয়ে । বিগত সময়ত কৃষ্ণাইত এটা বৃহৎ গৰু চুৰি চক্ৰ গঢ়ি উঠিছিল । যিটো চক্ৰ উৎখাত কৰিবলৈ কৃষ্ণাই আৰক্ষী দীৰ্ঘদিনৰ পৰাই অভিযান আৰম্ভ কৰিছিল । শেষত আৰক্ষীয়ে লাভ কৰা এই সফলতাত ৰাইজে আদৰণি জনাইছে ।

Exit mobile version