KOKRAJHAR : কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও শিক্ষা খণ্ডৰ অন্তৰ্গত ১১২১নং মল্লিকাপুৰ এল পি স্কুলৰ সহকাৰী শিক্ষয়িত্ৰী ৰমা সৰকাৰে দায়িত্ব কৰ্তব্যৰ এক নিদৰ্শন দাঙি ধৰিছে । শিক্ষা বৃত্তিৰ লগত জড়িত শিক্ষয়িত্ৰী গৰাকীয়ে নিজ দায়িত্ব কৰ্তব্যৰ বাবে ছয় মহীয়া শিশুক কোলাত লৈ শ্ৰেণীকাৰ্য চলায় । নিতৌ বাছেৰে ১০ কিলোমিটাৰ অতিক্ৰম কৰি স্কুলত আহে । কণমানি এটি শিশুক কোলাত লৈ ছাত্ৰ ছাত্ৰীক দিয়ে পাঠদান ।
নিজৰ সন্তানৰ দৰে ছাত্ৰ ছাত্ৰীৰ প্ৰতি শিক্ষয়িত্ৰী গৰাকীৰ দায়িত্ব,কৰ্তব্য আৰু মৰম থকাৰ বাবে শিক্ষয়িত্ৰী গৰাকী চাইল্ড কেয়াৰ ছুটি নোলোৱাকৈ স্কুলত আহি পাঠদান কৰি আহিছে । বহু সময়ত শিশুক স্কুলৰ বাৰাণ্ডাত থকা দলনাত শুৱাই থৈ পাঠদান কৰিছে কেতিয়াবা কোলাত লৈ পাঠদান কৰিছে শিক্ষয়িত্ৰী গৰাকী । এগৰাকী শিক্ষয়িত্ৰীৰ ছাত্ৰ ছাত্ৰীৰ প্ৰতি কিমান দায়িত্ব তাক প্ৰমাণিত কৰি দিছে এই গৰাকী শিক্ষয়িত্ৰীয়ে ।