বণ্যপ্ৰাণী সৰবৰাহকাৰী কৰিড’ৰত পৰিণত লায়লাপুৰ

পথৰ কাষত পৰিত্যক্ত অৱস্থাত পৰি থকা মুখ বন্ধ দুটা বেগৰ ভিতৰত কিবা যেন লৰচৰ কৰিছে । মঙলবাৰে পুৱা এই দৃশ্য স্থানীয়সকলৰ চকুত পৰে ইয়াৰ পাছতে এক আতংকময় পৰিৱেশৰ সৃষ্টি হয় লায়লাপুৰত । স্থানীয় বাসিন্দাসকলে লায়লাপুৰ আৰক্ষীক খবৰ দিয়ে । আৰক্ষীয়ে আহি মুখ বন্ধ দুটা বৃহৎ আকাৰৰ বেগ খুলোতেই চকু কপালত উঠে ।

অসম-মিজোৰাম সীমান্তত লায়লাপুৰ পেট্র’ল প’ষ্টৰ আৰক্ষী কর্মীসকলে বেগৰ পৰা উদ্ধাৰ কৰে জীৱিত দুটা ভিন দেশৰ বন্যপ্রাণী । দুটা বেগৰ ভিতৰত লোহাৰ পিঞ্জৰাত আছে বিদেশী বন্যপ্রাণী । লগে লগে প্রাণী দুটা উদ্ধাৰ কৰি আউটপ’ষ্টলৈ লৈ অনা হয় । ইপিনে, বন্যপ্রাণী উদ্ধাৰৰ খবৰ বিয়পি পৰাৰ পাছতেই আৰক্ষী আউটপ’ষ্টত কৌতুহল মানুহৰ ভিৰ হয় । পৰৱর্তী সময়ত লায়লাপুৰ আউটপ’ষ্টৰ ইনচার্জ নোছাংছিয়ামে প্রাণী দুটা ধলাই থানাত লৈ যায় । খবৰ পাই উপস্থিত হয় আৰক্ষী ছুপাৰ নুমুল মাহাতো ।

বন্যপ্রাণী সৰবৰাহ সক্রিয় হৈ উঠিছে । মিজোৰামৰ ভাইৰেটিৰ ছাইফাই আৰক্ষীৰ পাছত এইবাৰ অসমৰ লায়লাপুৰ আৰক্ষীয়ে উদ্ধাৰ কৰে ভিন দেশৰ বন্যপ্রাণী । উদ্ধাৰ হোৱা প্রাণী দুটা চিম্পাঞ্জি বুলি সন্দেহ কৰা হৈছে । এয়াও সন্দেহ কৰা হৈছে যে বন্য প্রাণীবোৰ ম্যানমাৰ বা ইন্দোনেছিয়াৰ পৰা মিজোৰাম হৈ লৈ যোৱা হৈছিল ।

উল্লেখ্য, মাত্র দুদিন পূৰ্বে মিজোৰামৰ ছাইফাই আৰক্ষীয়ে ভাগা-শ্বেৰখান পথত অসমত প্রৱেশল সময়ত ১৯টা বিদেশী বন্যপ্রাণীসহ কাছাৰ জিলাৰ তিনিজন আৰু কৰিমগঞ্জ জিলাৰ এজন যুৱকক গ্রেপ্তাৰ কৰি কাষ্টম বিভাগৰ হাতত গতাই দিছিল ।

বিৰল প্রজাতিৰ বন্যপ্রাণী চোৰাংচিকাৰী কৰিড’ৰত পৰিণত হৈছে কাছৰ জিলা । যদিও আৰক্ষী প্রশাসনৰ স’তে মিলি বনবিভাগৰ একাধিক চেক প’ষ্ট আছে কিন্তু তাকো গুৰুত্ব নিদিয়াকৈ ম্যানমাৰ, মিজোৰাম হৈ কাছাৰেৰে ইহঁতৰ অন্যত্র সৰবৰাহৰ কাম অবাদে চলি আছে ।

দুবছৰৰ মূৰত এই লৈ দুবাৰ সৰবৰাহকাৰীসকলৰ কৱলৰ পৰা উদ্ধাৰ কৰা হ’ল কেংগাৰুসহ একাধিক বিৰল প্রজাতিৰ বন্যপ্রাণী । ২০২০ত লালয়াপুৰত বন বিষয়াসকলৰ তৎপৰতাত এটা কেংগাৰুসহ বিৰল প্রজাতিৰ তিনিটা কাছ, দুটা লাজুকী বান্দৰ, ছটা কাকাতু উদ্ধাৰ হৈছিল । গাড়ীৰ চালক আৰু খালাচিক গ্রেপ্তাৰ কৰা হৈছিল । ধৃত নৰসিং ৰেড্ডি আৰু নৱনাথ তুকাৰাম দাইগুডৰ বক্তব্য, তেওঁলোকে তামিলনাডুৰ পৰা আলু মিজোৰামত লৈ গৈছিল । উভতি অহাৰ পথত দুই যুৱকে পথত গাড়ী ৰখায় আৰু পশুবোৰ গুৱাহাটিত আন্তর্জাতিক মাফিয়াক দিয়াৰ উদ্দেশ্যে নিছিল । সেই সময়ত বন বিভাগৰ তৰফৰ পৰা এই অভিযানল নেতৃত্ব দিছিল উত্তম দাসে । পাছত অসমৰ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে তেওঁক বিশেষভাৱে পুৰষ্কৃতও কৰিছিল ।

ইয়াৰ পাছতে জনৈক বিষয়াক ইয়াৰ পাছৰ জনৈক্য বিষয়াক সলনি কৰি স্থানান্তৰিত কৰা হৈছে । তাৰ পাছৰ পৰা আৰু এনেদৰে আটক কৰা নাই ।

ইপিনে ৰঙিয়া আৰক্ষীয়ে আঠ ছেপ্টেম্বৰত অভিযান চলাই এদল আন্তর্জাতিক বন্যপ্রাণী সৰবৰাহকাৰীক গ্রেপ্তাৰ কৰিছে । অভিযানত অর্ধশতাধিক বিৰল প্রজাতিৰ বন্যপ্রাণী উদ্ধাৰ কৰা হৈছে । উদ্ধাৰ কৰা বন্যপ্রাণীৰ ভিতৰত আছে দুটা কেংগাৰু, দুটা চিম্পাঞ্জি, ১৯টা বান্দৰ, ১৮টা ভেকুলী আৰু দুটা বাদুলী । কিন্তু আশ্চর্যকৰ বিষয় যে এই বন্যপ্রাণীবোৰো মিজোৰামৰ পৰা দিল্লীলৈ লৈ যোৱাৰ পথত বিপন্ন বিৰল প্রজাতিৰ সৰবৰাহকাৰীৰ দুটা গাড়ীও আটক কৰিছে আৰক্ষীয়ে ।

Exit mobile version