বিলাসী বাহন-চাৰিটা গৰুসহ এজনক আটক

গৰুৰ চোৰাং ব্যাৱসায়ৰ বিৰুদ্ধে গ্ৰাহামপুৰ আৰক্ষীৰ অভিযান

WhatsApp Image 2022 09 30 at 17.38.24

কোকৰাঝাৰ জিলাৰ গোসাইগাঁও থানা তথা গ্ৰাহামপুৰ আৰক্ষী চকীৰ অন্তৰ্গত নৈছাপুৰ গাঁৱত অভিযান চলাই আজি পুৱতি নিশা গ্ৰাহামপুৰ আৰক্ষীয়ে এখন চাৰিচকীয়া বিলাসী বাহনসহ চাৰিটা চোৰাং গৰু আৰু এজন গৰুৰ চোৰাং ব্যাৱসায়ীক আটক কৰিবলৈ সক্ষম হয় ।

জানিব পৰা মতে, অসম-বংগ সীমান্তত সক্ৰিয় হৈ থকা গৰুৰ চোৰাং ব্যাৱসায়ীৰ দল এটাই যোৱা নিশা অসম-বংগ সীমান্তৱৰ্তী অঞ্চলৰ পৰা এ এচ ০১ এ জি ৪৪৩৯ নম্বৰৰ ছেন্ট্ৰ’ বাহন এখনত চাৰিটা গৰু বোজাই কৰি ধুবুৰী জিলাৰ ভাৰত-বাংলাদেশ সীমান্তলৈ গৈ আছিল । উক্ত খবৰ লাভ কৰি গ্ৰাহামপুৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নিপন দাসৰ নেতৃত্বত আৰক্ষীৰ দল এটাই নিশা নৈছাপুৰত অভিযান চলায় । অভিযানৰ সময়ছোৱাত সন্দেহবশত চোৰাং গৰু ভৰ্তি বাহনখনক আগভেটি ধৰোতে গৰু ভৰ্তি বাহনখনে আৰক্ষীৰ বাহনখনক সন্মুখৰ ফালৰ পৰা খুন্দা মাৰি চালকজন পলাই যায় । ফলত দুয়োখন বাহন ক্ষতিগ্ৰস্ত হয় ।

পাছত আৰক্ষীয়ে তালাচী চলাই ছেন্ট্ৰ’ বাহনখনৰ পৰা ঠেং বন্ধা অৱস্থাত চাৰিটা চোৰাং গৰু উদ্ধাৰ কৰাৰ লগতে গৰুৰ চোৰাং ব্যাৱসায়ী এজনক আটক কৰিবলৈ সক্ষম হয় । আটকাধীন গৰুৰ চোৰাং ব্যাৱসায়ীটো তামাৰহাট থানাৰ অন্তৰ্গত পলাশকান্দি গাঁৱৰ চুলতান আলী শ্বেখ বুলি আৰক্ষী সূত্ৰে জানিব পৰা গৈছে ।

পাছত আৰক্ষীয়ে গৰু চাৰিটা, ছেন্ট্ৰ’ বাহন খন আৰক্ষী চকীলৈ নিয়ে আৰু চোৰাং গৰু ব্যৱসায়ীক কোকৰাঝাৰ জেল-হাজোতলৈ প্ৰেৰণ কৰে ।

Exit mobile version