Air India Fare Concession Slashed‌ : বিমান যাত্রীসকলৰ ভাড়া সন্দৰ্ভত বৃহৎ ঘোষণা এয়াৰ ইণ্ডিয়াৰ

2021 10 01T061415Z 397397943 RC2U0Q9O7Z8K RTRMADP 3 INDIA AIR INDIA DIVESTITURE

প্রবীণ নাগৰিক আৰু শিক্ষাৰ্থীৰ বিমান ভাড়াত ৫০ শতাংশৰ পৰা কমাই ২৫ শতাংশ ৰেহাই দিয়াৰ সিদ্ধান্ত লৈছে এয়াৰ ইণ্ডিয়াই । বজাৰ পৰিস্থিতিৰ কথা বিবেচনা কৰি বিমান ভাড়াৰ সামঞ্জস্য বজায় ৰাখিবলৈ এই সিদ্ধান্ত লোৱা হৈছে বুলি দাবী কৰিলে এয়াৰ ইণ্ডিয়া কর্তৃপক্ষ‌ই । প্রসংগত, চলিত বছৰৰ জানুৱাৰীতেই টাটা গ্রুপে এই বিমান সংস্থাক পুনৰ অধিগ্রহণ কৰিছিল ।

সংস্থাৰ তৰফৰ জনোৱা হৈছে, এই ৰেহাই কম কৰাৰ সিদ্ধান্তৰ পাছতো অন্যান্য বিমান সংস্থাৰ তুলনাত এয়াৰ ইণ্ডিয়াৰ ৰেহাইৰ পৰিমাণ প্রায় দ্বিগুণ । লগতে জনোৱা হৈছে, শিক্ষাৰ্থী আৰু প্রবীণ নাগৰিকৰ ৰেহাই অন্য কোনো কেটেগৰিত ভাড়াত ৰেহাই কম কৰা নাই । উল্লেখ্য, বিমান সংস্থাটোৱে বর্তমান সশস্ত্র বাহিনীৰ কর্মচাৰী, অর্জুন পুৰস্কাৰপ্রাপ্ত, বীৰত্ব পুৰষ্কাৰ প্রাপক, কৰ্কট ৰোগী আৰু দৃষ্টিশক্তিহীন লোকসকলৰ বাবে ভাড়াত ৰেহাই দি থাকে ।

উল্লেখ্য, দুদিন পূৰ্বে এয়াৰ ইণ্ডিয়াৰ স’তে ভিস্তাৰা এয়াৰলাইন্সক সংযোগ কৰাৰ প্রসংগত ছিংগাপুৰ এয়াৰলাইন্সৰ স’তে আলোচনা আৰম্ভ ‌কৰে টাটা গোষ্ঠীয়ে । সেই খবৰ প্রকাশ্যত অহাৰ পাছতেই এয়াৰ ইণ্ডিয়াৰ ভাড়া সন্দৰ্ভত এই বৃহৎ ঘোষণা কৰিলে ।

প্রসংগত, ভিস্তাৰা এয়াৰলাইন্সে টাটা ছন্স আৰু ছিংগাপুৰ এয়াৰলাইন্সৰ যৌথ উদ্যোগৰ সংস্থা । এনে পৰিস্থিতিত চলিত মাহৰ মাজভাগত সংবাদ মাধ্যমক দিয়া সাক্ষাৎকাৰত ভিস্তাৰাৰ চিইঅ’ বিনোদ কাননে জনাইছিল, কিছু মাহৰ ভিতৰতে ভিস্তাৰা আৰু এয়াৰ ইণ্ডিয়া ‘মার্জ’ কৰা হ’ব ।

বর্তমান, আন্তর্জাতিক আৰু অভ্যন্তৰীণ মিলাই প্রতিদিনে ২৫০ খন বিমান পৰিচালনা কৰে ভিস্তাৰাই । ইয়াৰে অধিকাংশই অভ্যন্তৰীণ । অৱশ্যে চলিত বছৰৰ শেষৰ ফালে বৃদ্ধি কৰি দিনে ২৮০খনকৈ বিমান চলাব বিচাৰিছে ভিস্তাৰাই । ইতিমধ্যে ব্যস্ত ৰুটসমূহত বিমানৰ সংখ্যা বৃদ্ধি কৰা হৈছে । বজাৰৰ প্রায় ১০.৪ শতাংশই ভিস্তাৰাৰ দখলত ।

Exit mobile version