Cobra : সাপৰ মুখত চুমা দিবলৈ ‌গৈ বিপদত পৰিল এজন যুৱক ! ভয়ংকৰ কাণ্ডৰ ভিডিঅ’ প্রকাশ্যত

1664692230 snake

সাপৰ মুখত চুমা দিবলৈ গৈ বিপদত পৰিল এজন যুৱক । এটা ইণ্ডিয়ান ক’ব্ৰা উদ্ধাৰ কৰিবলৈ গৈছিল এলেক্স নামে এজন যুৱকে । তথ্য অনুসৰি, তেওঁ প্ৰায়ে সাপ উদ্ধাৰ কৰে । কিন্তু সকলো সময়তে এই কামত শংকা‌ থাকেই । সেয়া জানিও ইণ্ডিয়ান ক’ব্ৰা উদ্ধাৰ কৰাৰ পাছত কেমেৰাৰ সন্মুখতে সাপটোৰ মূৰত চুমা দিব বিচাৰিছিল এলেক্সে । তেওঁ সাপটোৰ মূৰত চুমা দিবলৈ মুখখন ওচৰত নিওঁতেই হাতৰ মুঠি কিছু ঢিলা হৈ যায় আৰু সেই সুযোগতে ক’ব্ৰাই এলেক্সৰ উঠত খোঁটি দিয়ে ।

সাপটোৱে খোঁটাৰ পাছতে তাক এৰি দিয়ে এলেক্সে । এই ভয়ংকৰ ঘটনাটো সংঘটিত হৈছে কর্নাটকৰ ছিমোগা জিলাৰ ভদ্রাৱতীত । সাপে খোঁটাৰ পাছত এলেক্সক উদ্ধাৰ কৰি জিলা চিকিৎসালয়ত ভর্তি কৰোৱা হয় ।

স্থানীয় সূত্রে খবৰ, ছিমোগা জিলাত জনবসতি থকা অঞ্চলত কোনো সাপ প্ৰাৱেশ কৰিলে এলেক্স আৰু ৰনি নামে দুই সাপ উদ্ধাৰকাৰীক মাতি অনা হয় । সাপ উদ্ধাৰৰ পাছত সেইবোৰক অৰণ্যত এৰি দিয়ে তেওঁলোকে । বুধবাৰে ভদ্রৱতীত এখন বিয়া ঘৰত সাপ সোমাই গৈছিল । তেতিয়া এলেক্সক মতা হয় । এলেক্সে ক’ব্ৰাটো উদ্ধাৰৰ পাছত কেমেৰাৰ সন্মুখত তাৰ মূৰত চুমা দিবলৈ ‌গৈ বিপত্তিত পৰে ।

খোঁটাৰ পাছতো সাপটোক অৰণ্যত এৰি থৈ আহে এলেক্সে । তাৰ পাছত তেওঁক হাস্পাতালত ভর্তি কৰোৱা হয় । তেওঁক দুদিন পাছত হাস্পাতালৰ পৰা যাবলৈও দিয়া হয় । এলেক্স এতিয়া সম্পূৰ্ণ সুস্থ ।

Exit mobile version