Brahmastra : ২৫ দিনত ৪২৫ কোটি টকা ! বিশ্বৰ শ্ৰেষ্ঠ হিন্দী ছবি হৈ পৰিল ৰণবীৰ-আলিয়াৰ ‘ব্রহ্মাস্ত্র’

images 7

খেলপথাৰত নামি এতিয়াও গ’ল দি আছে অয়ন মুখোপাধ্যায়ৰ ছবি ‘ব্রহ্মাস্ত্র’ই । তিনিটা খণ্ডৰ আবণ্টিত মুঠ বাজেটৰ অর্ধেকৰ বেছি এটাই তুলি লৈছে ‘পার্ট ৱান-শিৱা’ই । ন ছেপ্টেম্বৰত মুক্তি পোৱা ছবিখনৰ বক্স অফিচ পৰিসংখ্যা উদাহৰণ হৈ উঠিছে এই বজাৰত । ডুবযোৱা বলিউডটো মূৰ তুলিবলৈ সক্ষম হোৱা ৰণবীৰ কাপুৰ আৰু আলিয়া ভট্ট অভিনীত ‘ব্রহ্মাস্ত্র’-ক এই সময়ৰ সফলতম ছবি বুলি চিহ্নিত কৰিছে বিশেষজ্ঞসকলে ।

উৎসৱৰ আমেজত আনন্দৰ খবৰ ভাগ শ্বেয়াৰ কৰিছে বলিউডৰ বঙালি পৰিচালক অয়নেও । সামাজিক মাধ্যমত প’ষ্ট কৰি জনালে, বিগত ২৫ দিনত ‘ব্রহ্মাস্ত্র’ৰ উপাৰ্জন ৪২৫ কোটি টকা ! সেই পোষ্টতেই আৰু এটা তথ্য দিছে দর্শকৰ বাবে, লিখিলে ‘বিশ্বজুৰি বছৰৰ শ্ৰেষ্ঠ হিন্দী ছবি’ । ইয়াৰ পাছতে অনুৰাগীসকলক ধন্যবাদ জনা‌ই শুভেচ্ছা জনায় অয়নে ।

পুৰাণ আৰু ফেন্টেচিৰ সংমিশ্ৰণ ‘ব্রহ্মাস্ত্র’ অলৌকিক শক্তিৰ জয়গান গাইছে । ছবিখনত শিৱ নামক এজন অলৌকিক শক্তি থকা যুৱকৰ ভূমিকাত অভিনয় কৰিছে ৰণবীৰ কাপুৰে । অগ্নি-অস্ত্রৰ অধিকাৰী শিৱ । জুইয়ে তেওঁৰ কোনো ক্ষতি কৰিব নোৱাৰে । শিৱৰ প্রেমিকাৰ নাম ঈশা । তাই সাধাৰণ মানুহ । যাৰ ভূমিকায় আছে আলিয়া ভট্ট । তদুপৰি আছে নাগার্জুন, মৌনী ৰায় ।

মুক্তিৰ পূৰ্বে সামাজিক মাধ্যমত বহুতকে ‘হেছটেগ বয়কট ব্রহ্মাস্ত্র’ লিখা দেখা গৈছিল । ৰণবীৰে হিন্দু ধর্মৰ অনুভূতিত আঘাত হানিছে বুলি গৰিহণা দিছিল কোনো কোনোৱে । এই ছবিখনকো বয়কটৰ আহ্বান জনাইছিল বিপুল সংখ্যক দর্শকে । অৱশ্যে অয়নক আশ্বস্ত কৰিছিল প্রযোজক কৰণ জোহৰে । সৎ কাম বিফল নহয় । নিশ্চিতভাৱে কৈছিল, অয়নৰ সাধনাৰ ধন সফল হ’বই । কিন্তু ইমান সফল হ’ব হ’ব বুলি তেওঁ আশা কৰিছিল নে ?

Exit mobile version