ভুৱা চাকৰিৰ ৰেকেটৰ কৱলত ভাৰতীয়

ম্যানমাৰত আৱদ্ধ ৪৫ জন ভাৰতীয়ক বিদেশ মন্ত্ৰণালয়ৰ তৎপৰতাত উদ্ধাৰ

WhatsApp Image 2022 10 06 at 18.41.17

FAKE JOB RACKE : বিদেশত চাকৰি দিয়াৰ নামত কিছুমান প্ৰৱঞ্চকৰ ফান্দত পৰি সৰ্বস্বান্ত হোৱাৰ বাতৰি সময়ে সময়ে পোহৰলৈ আহিছে যদিও এতিয়াও সজাগ হোৱা বহু ভাৰতীয় ৷শেহতীয়াকৈ চুবুৰীয়া দেশ ম্যানমাৰত আৱদ্ধ হৈ থকা ৪৫ জন ভাৰতীয়ক উদ্ধাৰ কৰিছে বিদেশ মন্ত্ৰণালয়ে। তেওঁলোক সকলোৱে আজি উপস্থিত হৈছে নিজ গৃহৰাজ্য তামিলনাডুত। এসপ্তাহ পূৰ্বে এই সকল লোক ম্যানমাৰত আৱদ্ধ হৈ থকাৰ বিষয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক পত্ৰযোগে অৱগত কৰি উদ্ধাৰ পদক্ষেপ লোৱাৰ আহ্বান জনাইছিল তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টালিনে৷ তাৰ পিছতে

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এই সন্দৰ্ভত এক পৰামৰ্শ জাৰি কৰি কয় যে, “আমি ম্যানমাৰত এটা ভুৱা চাকৰিৰ ৰেকেটৰ ফান্দত ভাৰতীয়সকল পৰাৰ ঘটনাটো সক্ৰিয়ভাৱে বিচাৰি আছো। ইতিমধ্যে প্ৰায় ৩২ জন ভাৰতীয়ক উদ্ধাৰ কৰা হৈছে। একে সময়তে, আৰু ১৩ জন ভাৰতীয় নাগৰিকক উদ্ধাৰ কৰা হৈছে, যিসকলে আজি তামিলনাডুত উপস্থিত হৈছে ।

বিদেশ মন্ত্ৰণালয়ৰ বিশেষ পৰামৰ্শ জাৰি :
তাৎপৰ্যপূৰ্ণভাৱে, মাত্ৰ এসপ্তাহ আগতে, ভাৰত চৰকাৰে যুৱসকলক বিদেশৰ তথ্য প্ৰযুক্তি খণ্ডত ভুৱা চাকৰিৰ বিষয়ে সতৰ্ক কৰি দিছিল। থাইলেণ্ডত চাকৰিৰ অজুহাতত ১০০ তকৈও অধিক ভাৰতীয়ক প্ৰৱঞ্চনাৰে ম্যানমাৰলৈ লৈ যোৱাৰ ঘটনাৰ পিছত, বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এক পৰামৰ্শ জাৰি কৰি লোকসকলক সতৰ্ক হ’বলৈ কৈছে।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কৈছে যে বিগত সময়ছোৱাত এনে বহুতো ঘটনা ঘটিছিল৷ য’ত ভাৰতৰ পৰা তথ্য প্ৰযুক্তি খণ্ডত কাম কৰা যুৱক-যুৱতীসকলক প্ৰতাৰণা কৰা হৈছিল আৰু ম্যানমাৰলৈ লৈ যোৱা হৈছিল। অতি বেয়া পৰিস্থিতি আৰু উত্তেজনাপূৰ্ণ পৰিৱেশত৷ তাত চাইবাৰ প্ৰৱঞ্চনাৰ ক্ষেত্ৰত কাম কৰা কোম্পানীবোৰে সেইবোৰ ব্যৱহাৰ কৰিছিল।

Exit mobile version