ৰাষ্ট্ৰসংঘত ভাৰতৰ চৰকাৰী ভাষাৰূপে হিন্দী ব্যৱহাৰ, কেন্দ্ৰীয় চৰকাৰৰ শিক্ষা প্ৰতিষ্ঠানত শিক্ষাদানৰ ভাষাৰূপে হিন্দীৰ প্ৰয়োগ তথা হিন্দীভাষী অধ্যুষিত ৰাজ্যসমূহত উচ্চ ন্যায়ালয়ৰ কাম-কাজ হিন্দীতে সম্পন্ন কৰাৰ লগতে চৰকাৰী চাকৰিৰ পৰীক্ষাসমূহৰ বাবে সম্প্ৰতি বাধ্যতামূলক ইংৰাজীৰ প্ৰশ্নকাকতৰ পৰিৱৰ্তে হিন্দী প্ৰশ্নকাকত প্ৰৱৰ্তনৰ অনুমোদন আগবঢ়াইছে চৰকাৰী ভাষা সংক্ৰান্তীয় সংসদীয় সমিতিয়ে ।
কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ক সমিতিয়ে এই অনুমোদন দাখিল কৰা বুলি উচ্চস্তৰীয় চৰকাৰী সূত্ৰত প্ৰকাশ । ইতিমধ্যে যোৱা ছেপ্টেম্বৰতে গৃহ মন্ত্ৰণালয়ে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক এই প্ৰতিবেদন দাখিল কৰিছে । হিন্দীত শিক্ষাদানৰ সন্দৰ্ভত সমিতিয়ে কয় যে শ্ৰেণীকোঠাত শিক্ষাদানৰ মাধ্যম আৰু তাৰ স’তে জড়িত অন্যান্য কাম-কাজৰ ভাষা হিন্দী হোৱাটোৱে বাঞ্ছনীয় ।
ইংৰাজীৰ ব্যৱহাৰ ঐচ্ছিক হ’ব পাৰে বুলি সমিতিয়ে মন্তব্য কৰে । প্ৰযুক্তিবিদ্যাৰ পাঠ্যক্ৰমৰ ক্ষেত্ৰতো একে নীতিৰ কথা কোৱা হৈছে । এই মৰ্মে কেন্দ্ৰীয় বিদ্যালয়, নৱোদয় বিদ্যালয়, কেন্দ্ৰীয় বিশ্ববিদ্যালয়, ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠান (আইআইটি), আই আই এম তথা সৰ্বভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান (এইমছ) এই সকলোবোৰ একে নীতিৰ অধীনলৈ অনা উচিত । যিসমূহত হিন্দী প্ৰয়োগৰ কোনো উপায় নাই কেৱল সেই স্থানতহে ইংৰাজীৰ শিক্ষাদান হ’ব পাৰে বুলি সমিতিয়ে প্ৰতিবেদন উল্লেখ কৰে ।
তেনে স্থানসমূহতো পৰ্যায়ক্ৰমে হিন্দী ব্যৱহাৰ কৰাৰ প্ৰচেষ্টা থাকিব লাগে বুলিও মত প্ৰকাশ কৰে । এই নীতিৰ স’তে সামঞ্জস্য ৰক্ষা কৰি চৰকাৰী চাকৰিৰ পৰীক্ষাত বাধ্যতামূলক হৈ থকা ইংৰাজীৰ প্ৰশ্নকাকত প্ৰত্যাহাৰ কৰাৰ পৰামৰ্শ দিয়া হৈছে । তাৰ বিপৰীতে হিন্দী প্ৰশ্নকাকত প্ৰৱৰ্তনৰ কথাও কোৱা হৈছে । সমিতিৰ বক্তব্য অনুসৰি বাধ্যতামূলক ইংৰাজীৰ প্ৰশ্নকাকতে এনে এক ধাৰণাৰ সৃষ্টি কৰে যেন ইংৰাজী অতি গুৰুত্বপূৰ্ণ । এনে ধাৰণাৰ সৃষ্টি হ’ব নিদিয়াটোৱে সমিতিৰ লক্ষ্য ।
কেৱল চৰকাৰী চাকৰিৰ নিযুক্তিৰ পৰীক্ষা মাথোঁ নহয়, চৰকাৰী প্ৰতিষ্ঠানৰ কাম-কাজো যাতে হিন্দীতে সম্পন্ন কৰা হয়, সেয়া নিশ্চিত কৰাৰ কথাও কোৱা হৈছে প্ৰতিবেদনত । এই মৰ্মে কৰ্মী বাছনিৰ ক্ষেত্ৰত হিন্দীৰ জ্ঞানে যাতে অন্যতম মাপকাঠী হয় সেই দিশলৈ দৃষ্টি ৰাখিবলৈ কোৱা হৈছে । যিসকল বিষয়া অথবা কৰ্মীয়ে ইচ্ছাকৃতভাৱে হিন্দীত কাম-কাজ নকৰাকৈ থাকে তেওঁলোকক জৱাবদিহি কৰিবলৈ সমিতিয়ে অনুমোদন আগবঢ়াইছে । সন্তোষজনক উত্তৰ অথবা ব্যাখ্যা লাভ নকৰিলে সেই বিষয়টো তেওঁলোকৰ বাৰ্ষিক পাৰদৰ্শিতাৰ প্ৰতিবেদনত নথিভুক্ত হয় সেই কথাও প্ৰতিবেদনত স্পষ্টভাৱে উল্লেখ কৰা হৈছে ।
আনকি প্ৰতিবেদনত অনুমোদন মৰ্মে হিন্দী ভাষাৰ জ্ঞান যিসমূহ চৰকাৰী পদত প্ৰয়োজনীয় তেনে পদ যদি তিনি বছৰৰ অধিক খালি হৈ থাকে তেন্তে প্ৰতিষ্ঠানৰ মুৰব্বীৰে দায়িত্ব ল’ব লাগিব । এই ক্ষেত্ৰত তেওঁৰ বাৰ্ষিক পাৰদৰ্শিতাৰ প্ৰতিবেদনত বিষয়টো অন্তৰ্ভুক্ত হ’ব । এই প্ৰতিবেদনত পৰামৰ্শ দাঙি ধৰা হয় যে যিসমূহ ৰাজ্যত চৰকাৰী ভাষা হিন্দী সেই ৰাজ্যসমূহৰ উচ্চ ন্যায়ালয়ৰ কাম-কাজ হিন্দীতে সম্পন্ন কৰিব লাগে । সাংবিধানিক প্ৰয়োজনীয়তাৰ সৃষ্টি হ’লে হিন্দী কাৰ্যসূচীৰ ইংৰাজীৰ অনুবাদ উচ্চ ন্যায়ালয়ত ব্যৱহাৰ কৰিব পাৰি বুলি প্ৰতিবেদনত উল্লেখ ।
বিশ্বায়ন আৰু উদাৰ নীতিবাদৰ সৌজন্যত হিন্দী ভাষাই আজি বিশ্বজুৰি জনপ্ৰিয়তা অৰ্জন কৰা বুলি সমিতিয়ে কয় যে ৰাষ্ট্ৰসংঘত ভাৰতৰ ভাষা হিন্দী হোৱা উচিত । আনহাতে, গৃহভূমিত হিন্দীৰ জনপ্ৰিয়তা অধিক বৃদ্ধিৰ বাবে পৰামৰ্শ দাঙি ধৰিছে যে চৰকাৰী বিজ্ঞাপনত বাজেটৰ অৰ্ধেকৰ বেছি হিন্দী বিজ্ঞাপনত ব্যয় কৰা উচিত । হিন্দী আৰু আঞ্চলিক ভাষাৰ বিজ্ঞাপনক উৎসাহ দিবলৈ প্ৰতিবেদনত কোৱা হৈছে । মাত্ৰ ইয়েই নহয় হিন্দী বিজ্ঞাপন ডাঙৰকৈ প্ৰথম পৃষ্ঠাত আৰু ইংৰাজী বিজ্ঞাপন ভিতৰৰ পৃষ্ঠা বা শেষ পৃষ্ঠাত দিয়াৰ পৰামৰ্শ আগবঢ়াইছে সমিতিয়ে ।