Maharashtra : ঠিক সন্ধিয়া সাত বাজিলেই টিভি-ফোন সকলো বন্ধ হৈ যায় ভাৰতৰ এইখন গাঁৱত ! কিয় জানেনে ?

WhatsApp Image 2022 10 11 at 16.21.20

Maharashtra :  ম’বাইলৰ প্রতি মানুহ আসক্ত আছিল । কিন্তু বিগত দুবছৰত কৰ’না পৰিস্থিতিত এই নিচা আৰু ভয়ংকৰ মাত্রাত বাঢ়িছে । শিশুসকল ম’বাইলৰ প্রতি ইমানেই নির্ভৰশীল হৈ পৰিছে যে, তাৰ কুপ্রভাৱ পৰিছে শিশুসকলৰ মানসিক আৰু শাৰীৰিক স্বাস্থ্যৰ ওপৰত । সম্প্রতি দেশজোৰা এটা পৰিসংখ্যাতো পৰিলক্ষিত হৈছে সেই উদ্বেগৰ ছবি ।

এনে পৰিস্থিতিত মহাৰাষ্ট্রৰ এখন গাঁৱৰ উদ্যোগ সঁচাকৈয়ে অভিনৱ । এই গাঁৱত প্রতি দিনে এটা নির্দিষ্ট সময়ৰ বাবে পুৱা গাঁওবাসীক ম’বাইল-টিভিৰ পৰা দূৰত থকাৰ নিয়ম জাৰি কৰা হৈছে । ছাংলি জিলাৰ ভাদগাঁও গাঁৱত প্রতি সন্ধিয়া সাত বজাত এটা ছাইৰেন বাজে । এই ছাৰেনেই বাসিন্দাসকলক তেওঁলোকৰ টিভি আৰু ম’বাইল ফোন বন্ধ ৰখাৰ ইংগিত দিয়ে ৷ আঠ বাজি ৩০ মিনিটত পুনৰ ছাইৰেন বাজে । তেতিয়াৰ পৰা গাঁওবাসীয়ে টিভি বা ম’বাইল ব্যৱহাৰ কৰিব পাৰে ।

চলিত বছৰৰ ১৪ আগষ্টত গাঁও পঞ্চায়তৰ সমাবেশত টিভি-ম’বাইলৰ প্রতি আসক্তি হ্ৰাস কৰিবলৈ এটা উদ্যোগ লোৱা প্ৰয়োজন বুলি নৰ্ণিয় লয় । তেতিয়াই সিদ্ধান্ত লোৱা হয় পাছদিনাখনৰ পৰা প্রতি দিনে এটা নির্দিষ্ট সময়ৰ বাবে গাঁওবাসীসকলে ম’বাইল-টিভিৰ ব্যৱহাৰ বন্ধ ৰাখিব লাগিব । ভাদগাঁও গাঁৱত প্রায় তিনি হেজাৰ লোক বাস কৰে । গাঁৱৰ অধিকাংশ পুৰুষেই কৃষিকাৰ্য আৰু চেনি প্ৰস্তুত কাৰখানাৰ স’তে জড়িত ।

গাঁও পঞ্চায়তৰ প্রধান বিজয় মোহিতে কয়, ‘‘ক’ভিড চলাকালীন অনলাইন ক্লাছৰ বাবে শিশুসকল ম’বাইলৰ ওপৰত অধিক নির্ভৰশীল হৈ পৰিছিল । সম্প্ৰতি বিদ্যালয়, মহাবিদ্যালয় খুলিছে । শিক্ষাপ্ৰতিষ্ঠানৰ পৰা উভতিয়ে তেওঁলোকে ম’বাইল বা টিভি চাবলৈ বহে । ঘৰৰ জ্যেষ্ঠসকলেও ফোন লৈয়েই গোটেই দিন ব্যস্ত থাকে । নিজৰ মাজত কথা পতাৰ অৱসৰ নাপায় তেওঁলোকে ।’’

অৱশ্যে সকলো গাঁওবাসীকে এই বিষয়ত সন্মত কৰোৱা সহজ নাছিল । প্রথমে গাঁৱৰ মহিলাসকলৰ স’তে সভা কৰা হয় । তেওঁলোকে নিজেই স্বীকাৰ কৰে যে তেওঁলোকৰ ধাৰাবাহিক চোৱাৰ আসক্তি আছে । অৱশ্যে সমাজৰ কথা ভাবি তেওঁলোক পঞ্চায়তৰ সিদ্ধান্তত সন্মত হয় । আন এটা সভাত নিৰ্ণয় লোৱা হয় মন্দিৰৰ কাষত এটা ছাইৰেন স্থাপন কৰা হ’ব । আৰম্ভণিতে গাঁও পঞ্চায়তৰ সদস্যসকলেই ঘৰে ঘৰে গৈ ম’বাইল-টিভি বন্ধ ৰখাৰ আবেদন জনাইছিল । অৱশ্যে এতিয়া সমগ্ৰ গাঁওবাসীয়ে নিজেই এই নিয়ম মানি চলে ।

Exit mobile version