TMC MLA MANIK BHATTACHARYA ARRESTED OVER WB SCHOOL RECRUITMENT SCSM : পশ্চিমবংগৰ তৃণমূল কংগ্ৰেছৰ বিধায়ক ইডিৰ জালত

WhatsApp Image 2022 10 11 at 13.58.08

TMC MLA MANIK BHATTACHARYA ARRESTED OVER WB SCHOOL RECRUITMENT SCSM : পশ্চিমবংগৰ শাসনাধিষ্ঠ তৃণমূল কংগ্ৰেছ চৰকাৰৰ ইজনৰ পিছত সিজনকৈ মন্ত্ৰী ,নেতা ইডিৰ জালত পৰাৰ পিছত এইবাৰ পুনৰ এজন বিধায়কক গ্ৰেপ্তাৰ কৰে ইডি-এ ৷
ৰাজ্যখনৰ বহু কোটি টকাৰ শিক্ষক নিযুক্তি কেলেংকাৰীৰ সন্দৰ্ভত তৃণমূল কংগ্ৰেছৰ (টিএমচি) বিধায়ক মানিক ভট্টাচাৰ্যক মঙলবাৰে প্ৰৱৰ্তন সঞ্চালকালয়ে গ্ৰেপ্তাৰ কৰে। নিযুক্তি সম্পৰ্কীয় গোচৰত আটক কৰা হয় মাণিক ভট্টাচাৰ্য নামৰ টিএম চিৰ জ্যেষ্ঠ বিধায়কজনক ৷

চলিত বৰ্ষৰ জুন মাহৰ আৰম্ভণিতে মানিকক কেলেংকাৰীটোত জড়িত থকাৰ অভিযোগত বিদ্যালয় সেৱা আয়োগৰ পৰা আঁতৰাই কলিকতা উচ্চ ন্যায়ালয়ে ৷ লক্ষণীয়ভাৱে এই বৰ্ষৰ মে মাহত কলিকতা উচ্চ ন্যায়ালয়ে চিবিআইক পশ্চিম বংগ কেন্দ্ৰীয় বিদ্যালয় সেৱা আয়োগ আৰু পশ্চিম বংগ মাধ্যমিক শিক্ষা পৰিষদৰ দ্বাৰা অশিক্ষক কৰ্মচাৰী (গ্ৰুপ চি আৰু ডি), আৰু শিক্ষক কৰ্মচাৰীৰ অবৈধ নিযুক্তিৰ তদন্ত কৰিবলৈ নিৰ্দেশ দিছিল।

একেদৰে ইডিয়েও সমান্তৰালভাৱে ধন ৰপ্তানিৰ তদন্ত আৰম্ভ কৰি ছেপ্টেম্বৰত গোচৰটোত প্ৰথম অভিযোগপত্ৰ দাখিল কৰিছিল। ভট্টাচাৰ্য হৈছে কেলেংকাৰীৰ সন্দৰ্ভত ইডিৰ দ্বাৰা গ্ৰেপ্তাৰ হোৱা দ্বিতীয় জন টিএমচি বিধায়ক। বিদ্যালয় সেৱা আয়োগৰ নিযুক্তিৰ বিয়াগোম কেলেংকাৰীত জড়িত থকাৰ অভিযোগত বিধায়ক মাণিক ভট্টাচাৰ্যক সোমবাৰে বিয়লি ইডি-এ আটক কৰি গোটেই নিশাটো জেৰা চলোৱাৰ অন্তত আজি পুৱা গ্ৰেপ্তাৰ কৰে৷

উল্লেখ্য যে চলিত বৰ্ষৰ মাজভাগত মমতা বেৰ্নাজী টিএম চি চৰকাৰ খনৰ জ্যেষ্ঠ মন্ত্ৰী পাৰ্থ চেটাৰ্জীক ইডি- বৃহৎ পৰিমাণৰ নগদ ধন সহ আটক গ্ৰেপ্তাৰ কৰিছিল ৷ সম্প্ৰতি চেটাৰ্জী কাৰাবন্দী হৈ আছে জেলত ৷

Exit mobile version