লক্ষাধিক মধ্যাহ্ন ভোজনৰ ৰান্ধনীলৈ ৰাজ্য চৰকাৰৰ অৰুণোদয় আঁচনিৰ ধন

WhatsApp Image 2022 10 12 at 13.39.56

MID-DAY MEAL COOKS ORUNODOI SCHEME FUNDS : দীপাৱলীলৈ মাজত মাত্ৰ কেইটামান দিন থকা অৱস্থাত ৰাজ্যৰ লক্ষাধিক মধ্যাহ্ন ভোজনৰ ৰান্ধনীৰ বাবে এটা ভাল খবৰ কঢ়িয়াই আনিছে অসম চৰকাৰে ৷ এতিয়াৰ পৰা প্ৰতি গৰাকী মধ্যাহ্ন ভোজনৰ ৰান্ধনীয়ে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন ৷ ইতিমধ্যে ৰাজ্য চৰকাৰে ১,১৯,৯৯৮ গৰাকী মধ্যাহ্ন ভোজনৰ ৰান্ধনীৰ বাবে মোকলাই দিছে অতিৰিক্তভাৱে ৪০ কোটি ৩০ লাখ ৯৫ হাজাৰ টকা ৷

উল্লেখ্য যে মধ্যাহ্ন ভোজনৰ ৰান্ধনীয়ে অৰুণোদয় আঁচনিৰ ১২৫০ টকা প্ৰতিমাহে লাভ কৰিব ৷ এই ধন লাভ কৰা কোনো ৰান্ধনীয়ে চাকৰি নেহেৰুৱাই বুলি চৰকাৰে স্পষ্ট কৰি

দিয়ে ৷ আনহাতে চৰকাৰৰ এই সিদ্ধান্তক আদৰণি জনোৱাৰ লগতে মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনায় সদৌ অসম মধ্যাহ্ন ভোজনৰ ৰান্ধনী সন্থাই ৷

Exit mobile version