EIGHT EASY WAYS TO GET RICH : ধনী হোৱাৰ ৮ টা সহজ উপায় কি ? জানিবলৈ পঢ়ক

WhatsApp Image 2022 10 14 at 18.05.59

EIGHT EASY WAYS TO GET RICH : সুখ সুখ বুলি মানুহ বলীয়া / নেদেখে সুখৰ মুখ / সুখ বিচাৰোতে পাই জীৱনত দুখৰ উপৰি দুখ । ধনেই মানুহৰ সৰ্বোচ্চ সুখ নহয় । জীৱনতকৈ ধন কেতিয়াও মূল্যবান হ’ব নোৱাৰে। তথাপি কিয় মানুহ ধনৰ পিছত দৌৰি ফুৰা দেখা যায় । অৱশ্যে মানুহৰ টকা ঘটাৰ এই ইচ্ছাক বাস্তৱ ৰূপ দিবলৈ প্ৰয়োজন কিছু পদক্ষেপৰ । বাস্তৱিকতে ধন থাকিলেও মানুহ ধনী হ’ব নোৱাৰে । জীৱনৰ সফলতাৰ অৰ্থ সুকীয়া । অৰ্থাৎ জীৱনৰ সফলতাইহে মানুহক ধনী কৰিব পাৰে । এটা সাৰ্থক জীৱন তথা ধনী হ’বলৈ আপুনি কি কি পদক্ষেপ গ্ৰহণ কৰিব ।

১/ টকাৰ মোহ পৰিহাৰ কৰক : অৰ্থ উপাৰ্জনৰ লগে লগে মানুহে জীৱনত বহু সংঘৰ্ষত অৱতীৰ্ণ হয় । বাস্তৱত আপুনি টকাৰ পিছত দৌৰি থাকিলে আপোনাক ‘ অৰ্থলোভী’ উপাধিৰে বিভূষিত কৰিব মানুহেই । তাৰ বিপৰীতে গৈও আপুনি অৰ্থ উপাৰ্জন কৰিব লাগিব । কিন্তু আপুনি অৰ্থলোভী হ’ব নোৱাৰিব । অৰ্থাৎ নিজৰ কৰণীয় কৰ্মখিনি সুচাৰুৰূপে কৰি গ’লেই আপুনি সহজে অৰ্থ উপাৰ্জন কৰিব পাৰিব ।
২/ যি আপোনাক সহায় কৰিছে , তেওঁৰ সৈতে যোগাযোগ ৰাখক : ধনী আৰু সফল ব্যক্তিক খুবেই সহায়কাৰী হিচাপে দেখা যায় । অৰ্থাৎ সহায় কৰিলে আপুনিও নিশ্চিতভাৱে ধনী হৈ পৰিব । যিহেতু আপুনি কাৰোবাক সহায় কৰিলে সেই ব্যক্তিজনে আপোনাকো বিভিন্ন ক্ষেত্ৰত সহায় কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিব । সেইকাৰণে আপোনাক বা আপুনি সহায় কৰা ব্যক্তিজনৰ সৈতে যোগাযোগ ৰাখিব । এই সম্পৰ্কই আপোনাক ধনী ও সফল হোৱাত সহায় কৰিব ।
৩/ কোটি টকা উপাৰ্জনৰ বিপৰীতে কোটি মানুহক সহায় কৰাৰ কথা ভাৱক : আপোনাৰ যি কেইজন সেৱাকাৰী বা গ্ৰাহক আছে , তেওঁলোকৰ পৰা কোটি টকা উপাৰ্জন কৰাৰ চিন্তা পৰিহাৰ কৰক । বিপৰীতে আপুনি তেওঁলোকক সেৱা মনোবৃত্তিৰে সহায় কৰক । ইয়াৰ ফলত আপোনাৰ গ্ৰাহকৰ সংখ্যা বৃদ্ধি পাব আৰু আপোনাৰ অৰ্থ উপাৰ্জনৰ পথ সুগম হ’ব ।
৪/ টকা ঘটাৰ পৰিৱৰ্তে টকা ঘটা পথৰ সন্ধান কৰক : অনবৰতে টকা ঘটাৰ চিন্তাৰ সলনি আপুনি যদি টকা ঘটাৰ পথৰ সন্ধান কৰে , তেন্তে আপুনি অধিক লাভৱান হ’ব । অৰ্থাৎ উপাৰ্জন কৰিবলৈ নতুন নতুন পদ্ধতিৰ সন্ধানে আপোনাক উপাৰ্জনৰ পথ সুচল কৰিব । এই পথসমূহ সঠিকভাৱে ব্যৱহাৰ কৰিলে আপুনি বিচৰা ধৰণে কৃতকাৰ্য হ’ব পাৰিব ।
৫/ যি কামেই নকৰক ভাল ভাৱেৰে কৰিব : আপোনাৰ কামটো যে অন্যৰ তুলনাত ভাল , সেই ভাৱ ৰাখি নিজৰ কামত দৃষ্টি নিৱদ্ধ ৰাখক । নিজৰ দক্ষতা বৃদ্ধি কৰি কামত মনোনিবেশ কৰক । কাৰণ আপোনাৰ দক্ষতা বৃদ্ধি হ’লেহে যিকোনো কৰ্মৰ যোগেদি অৰ্থ উপাৰ্জন কৰিব পাৰিব ।
৬/ বিশ্বৰ ১০ জন সফল ব্যক্তিৰ তালিকা প্ৰস্তুত কৰক : সংগীত শিল্পী , অভিনেতা , ব্যৱসায়ী আদি যিকোনো পেশাৰ ১০ জন সফল ব্যক্তিৰ তালিকা প্ৰস্তুত কৰক আৰু তেওঁলোকৰ কৰ্মৰাজীৰ অনুসন্ধান কৰি অনুকৰণ কৰক । তেওঁলোকৰ সফলতাৰ কাহিনীয়ে আপোনাকো অনুপ্ৰাণিত কৰিব ।
৭/ উন্নতি পৰ্যবেক্ষণ কৰক : ধনী হোৱাৰ যদি সংকল্পই আছে , তেন্তে ভুল পথত কেতিয়াও খোজ নিদিব । অৰ্থাৎ প্ৰতিদিনেই নিজৰ উন্নতি পৰ্যবেক্ষণ কৰক । উন্নতিৰ বাবে এই পথ যদিও বহুত ধীৰ গতিৰে যায় , তথাপি আপুনি সদায় মনত ৰাখিব যে , হাজাৰ মাইল পথ অতিক্ৰম কৰা এই পথ আপোনাৰ এই পদক্ষেপেৰেই আৰম্ভ হয় । সেইকাৰণে আপোনাৰ প্ৰতিটো পদক্ষেপেই আপোনাৰ বাবে অতি মূল্যবান ।
৮ / কাম কৰাৰ ৰুটিন তৈয়াৰ কৰক : ধন ঘটিবলৈ হলে আপুনি আপোনাৰ কৰ্মৰ এখন ৰুটিন তৈয়াৰ কৰাতো খুবেই জৰুৰী । কোনো ব্যৱসায়েই হওঁক বা অন্য কোনো কামেই হওঁক , ৰুটিন মানি চলিলে আপুনি কৃতকাৰ্যতা লাভ কৰিব পাৰিবই । অৰ্থাৎ আপোনাৰ ব্যৱসায়ৰ খাতিৰত আপুনি প্ৰতিদিনে ১০০ ক্ৰেতাৰ লগত সম্পৰ্ক কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিব লাগিব । যিটো হ’ব আপোনাৰ ৰুটিনৰ এটা অংশ ।
উল্লেখিত নিয়ম অনুকৰণ কৰি আগবাঢ়িলে আপুনি ধনী হোৱাৰ লগতে সুখীও হ’ব পাৰিব । সুখ আৰু ধন দুয়োটাই সমানে লাভ কৰিলে আপোনাৰ জীৱন সাৰ্থক হ’ব ।

Exit mobile version