আপুনি যদি আপোনাৰ সপোনৰ ঘৰটো মজবুতকৈ নিৰ্মাণ কৰিম বুলি ভাবিছে , তেন্তে আপুনি ভুল ভাবিছে, আপুনি আশা কৰা ধৰণে আপোনাৰ ঘৰটো মজবুত হৈ নুঠিবও পাৰে ! যিহেতু —

সৰ্বাধিক ভূকম্পন প্ৰৱণ অঞ্চল অসমলৈ ভাবুকি কঢ়িয়াইছে পশ্চিমবংগৰ উৎপাদিত লোহাৰ ৰডে

istockphoto 182883070 170667a

প্ৰতি কুইণ্টলত অধিক ৰড লাভ কৰা বিল্ডাৰ-ঠিকাদাৰৰ দুৰ্নীতিৰ গ্ৰাসত পৰিছে সৰ্বসাধাৰণ ৰাইজ

 

দেশৰ ভিতৰতে সৰ্বাধিক ভূকম্পন প্ৰৱণ অঞ্চলৰূপে চিহ্নিত অসমত নিৰ্মিত আন্ত:গাঁঠনিলৈ ভাবুকি কঢ়িয়াই আনিছে চুবুৰীয়া ৰাজ্য পশ্চিমবংগত উৎপাদিত লোহাৰ ৰডে । প্ৰতিষ্ঠিত ব্ৰেণ্ডৰ তুলনাত কম মূল্যত বজাৰত উপলব্ধ হোৱা পশ্চিমবংগৰ দুৰ্গাপুৰত উৎপাদিত কেতবোৰ টি এম টি বাৰ কোম্পানীয়ে অসমৰ বজাৰত মেলি দিছে নিৰ্ধাৰিত হাৰতকৈ কম ওজনৰ ৰড ।

মূলত: দুৰ্গাপুৰৰ ঝাৰা, ত্ৰিশক্তি, লটাছ , ষ্টাৰ, এছ এম , কেশৰী দুৰ্গা, ইউনিকন আদিকে ধৰি অসংখ্য আই এছ আই চিহ্নযুক্ত ৰড নিৰ্মাতা প্ৰতিষ্ঠানে সাধাৰণ গ্ৰাহকক আকৰ্ষিত কৰাৰ লক্ষ্যৰে নিৰ্ধাৰিত হাৰতকৈ কম ওজনৰ ৰড প্ৰস্তুত কৰি তুলনামূলকভাৱে প্ৰতিষ্ঠিত ব্ৰেণ্ডতকৈ কম দামতে বিক্ৰী কৰি আন্ত:গাঠনিলৈ ভাবুকি কঢ়িয়াই আনিছে ।

উল্লেখ্য যে, গুৱাহাটীৰ একাংশ খুচুৰা বিক্ৰেতাই এই তথ্য সদৰী কৰি কয় যে, সাধাৰণ গ্ৰাহকৰ চকুত ধৰা নপৰিলেও দুৰ্গাপুৰত উৎপাদিত ৰডৰ ওজন চৰকাৰীভাৱে নিৰ্ধাৰিত হাৰতকৈ যথেষ্ট কম । উদাহৰণস্বৰূপে আঠ এম এম পৰিসৰৰ এক কুইণ্টল ৰডত টাটা, এক্সটেক বা আন তেনে সৰ্বভাৰতীয় ব্ৰেণ্ডৰ মুঠতে ২১ ডাল ৰড থাকে । ইয়াৰ বিপৰীতে দুৰ্গাপুৰত উৎপাদিত ভিন্ন কোম্পানীসমূহৰ এক কুইণ্টল হিচাপত ৰড উঠে ২৪ ৰ পৰা ২৫ ডাল পৰ্যন্ত ।

স্বাভাৱিকতে অধিক সংখ্যক ৰড লাভ কৰি সাধাৰণ গ্ৰাহকে দুৰ্গাপুৰত উৎপাদিত ৰড বেছি পচন্দ কৰিবলৈ আৰম্ভ কৰিছে । সমান্তৰালকৈ গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত নিৰ্মীয়মাণ বিভিন্ন চৰকাৰী-বেচৰকাৰী আন্ত:গাঁথনিতো ঠিকাদাৰী প্ৰতিষ্ঠানসমূহে প্ৰতিষ্ঠিত ব্ৰেণ্ডৰ তুলনাত অধিক সংখ্যক লাভৰ আশাত দুৰ্গাপুৰৰ ৰড ক্ৰয় কৰিছে ।

সবাতোকৈ চিন্তনীয় বিষয়টো হ’ল যে, সৰ্বাধিক ভূকম্পন প্ৰৱণ অঞ্চলৰ ফ্লেট –এপাৰ্টমেণ্ট আদি নিৰ্মাণতো একাংশ বিল্ডাৰে ব্যৱহাৰ কৰিবলৈ লৈছে দুৰ্গাপুৰত উৎপাদিত তুলনামূলকভাৱে সস্তীয়া ৰড । লক্ষ্যণীয়ভাৱে চুবুৰীয়া ৰাজ্যখনত উৎপাদিত এনে অসংখ্য টি এম টি বাৰ উৎপাদনকাৰী প্ৰতিষ্ঠানে গ্ৰাহকক আকৰ্ষণ কৰিবলৈ আঠ, ১০, ১২,১৬ এম এম ৰডৰ প্ৰকৃত ওজন হ্ৰাস কৰি উৎপাদন কৰিবলৈ আৰম্ভ কৰাত এই অনিয়ম ধৰা পেলাবলৈ পশ্চিমবংগ চৰকাৰে প্ৰায় ছমাহ পূৰ্বে এক অভিযান চলাইছিল আৰু পশ্চিমবংগত সাময়িকভাৱে বন্ধ কৰি দিয়া হৈছিল চৰকাৰৰ নিৰ্ধাৰিত ৰডৰ প্ৰকৃত ওজন আৰু পৰিসৰৰ স’তে মিল নথকা কোম্পানীসমূহৰ উৎপাদন ।

পশ্চিমবংগ চৰকাৰৰ কঠোৰ স্থিতিৰ পিছত সংশ্লিষ্ট প্ৰতিষ্ঠানসমূহে পুনৰ চৰকাৰৰ নিৰ্ধাৰিত ওজনৰ ৰড প্ৰস্তুত কৰিবলৈ আৰম্ভ কৰিছিল যদিও ৰহস্যজনকভাৱে অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনলৈ প্ৰতিষ্ঠিত ব্ৰেণ্ডতকৈ কম মূল্যত ৰড যোগান ধৰাৰ ভয়ংকৰ অনিয়ম অব্যাহত ৰাখে ।

স্বাভাৱিকতে এই বিষয়টোৱে এতিয়া শংকিত কৰি তুলিছে অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ সচেতন ৰাইজক । অৰ্থাৎ এজন লোকে যদি নিজৰ ঘৰটো মজবুতকৈ নিৰ্মাণ কৰিম বুলি ভাবি আছে , সেই অনুপাতে মজবুত নহবও পাৰে সপোনৰ ঘৰতো । পশ্চিমবংগৰ প্ৰতিষ্ঠানসমূহৰ এনে আভুৱা-ভৰা কাৰ্যই এতিয়া ভাবুকি কঢ়িয়াই আনিছে ৰাজ্যখনত নিৰ্মাণ কৰি থকা বহু গৃহ তথা অন্যান্য আন্ত:গাঁথনিলৈ ।

Exit mobile version