Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !

    Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !

    Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী

    Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী

    Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !

    Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !

    Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

    Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

    AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা

    AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা

    Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা

    Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Opinion

দেশে দেশে ‘বিগ ব্ৰাদাৰ’

প্ৰাঞ্জলসেন ডেকা

publisher by publisher
October 17, 2022
in Opinion
Reading Time: 1 min read
0
দেশে দেশে ‘বিগ ব্ৰাদাৰ’
2
SHARES
22
VIEWS
ShareShareShareShare

বিগ ব্ৰাদাৰ ইজ ৱাচ্চিং ইউ ! বহুচৰ্চিত ইংৰাজ লেখক-সাংবাদিক জৰ্জ অৰৱেলে ১৯৪৯তে প্ৰকাশিত তেওঁৰ ‘১৯৮৪’ উপন্যাসত উল্লেখ কৰি যোৱা এই বাক্যটোৰ প্ৰাসংগিকতা যেন দিন যোৱাৰ লগে লগে অধিক বৃদ্ধি পাইছে । ‘বিগ ব্ৰাদাৰ’ৰ ভূমিকাত অৱতীৰ্ণ হোৱা এখন সবৰ্গ্ৰাসী চৰকাৰৰ মুৰব্বীয়ে প্ৰতিজন নাগৰিকক নিয়ন্ত্ৰণত ৰখাৰ উদ্দেশ্যে তেওঁলোকৰ কাৰ্যকলাপৰ ওপৰত শেনদৃষ্টি ৰাখে । তাৰ বাবে আনকি নিজৰ সহনাগৰিকৰ ওপৰতো চোৰাংচোৱাগিৰি কৰিবলৈকো দ্বিধাবোধ নকৰে । ফলস্বৰূপে একনায়কত্ববাদী শাসকে যি বিচাৰে, যেনে ধৰণে বিচাৰে, নাগৰিকে তাকেই অনুসৰণ কৰিবলৈ বাধ্য; কিয়নো তাৰ অন্যথা বিগ ব্ৰাদাৰে সকলো গম পাই থাকে আৰু তাৰ পৰিণাম হয় ভয়াৱহ ।

ADVERTISEMENT

কিছুদিনৰ আগলৈ আমেৰিকাকে আন্তৰ্জাতিক প্ৰেক্ষাপটত বিগ ব্ৰাদাৰৰূপে অন্যান্য দেশসমূহে গণ্য কৰিছিল । আন দেশৰ কাৰ্যকলাপৰ ওপৰত আমেৰিকাই সততে এনেদৰে চোৰাংচোৱাগিৰি কৰি আহিছে । সমগ্ৰ বিশ্বক দমন কৰাৰ লক্ষ্যৰেই যে মাৰ্কিন চৰকাৰে এই ভূমিকা গ্ৰহণ কৰি আহিছে, তাৰ ব্যাখ্যা নিষ্প্ৰয়োজন । বিবাদপূৰ্ণ পৰিস্থিতিৰ উদ্ভৱ হওক বা নহওক, যিকোনো পৰিস্থিতিত নাক গলাই নিজৰ প্ৰভুত্ব বিস্তাৰৰ লগতে ব্যৱসায়ৰ সুৰুঙা উলিয়াই মুনাফা অৰ্জন কৰাটোৱে আমেৰিকাৰ লক্ষ্য ।

RelatedPosts

Dainik Agradoot Today’s Edition: 8th March 2026

Dainik Agradoot Today’s Edition -3 March

বিশ্বৰ ভিতৰতে জাপানীসকলৰ মাজত স্থূলতাৰ হাৰ কম

অৱশ্যে এই কথাও স্বীকাৰ কৰিব লাগিব যে আন দেশৰ স’তে তেনে ব্যৱহাৰ কৰিলেও আমেৰিকাত নাগৰিকৰ স্বাধীনতা অপৰিসীম । আমেৰিকাৰ দৰে মুক্ত সমাজ আৰু অবাধ স্বাধীনতা বিশ্বৰ খুব কম দেশৰ নাগৰিকে উপভোগ কৰিব পাৰে । বিভিন্ন স্তৰৰ মাৰ্কিন নাগৰিকে চৰকাৰী নীতি বাদেই, স্বয়ং ৰাষ্ট্ৰপতিকো কঠোৰ আৰু মুকলিভাৱে সমালোচনা কৰা দেখিছিলো আমেৰিকা ভ্ৰমণ কালত । তাৰ বাবে কোনো চৰকাৰী বিষয়া, সাংবাদিক অথবা নাগৰিক সমাজৰ নেতৃস্থানীয় ব্যক্তি জেল-জৰিমনাৰ দৰে শাস্তিৰ সন্মুখীন হ’বলগীয়া হোৱাৰ দৃষ্টান্ত বিৰল ।

সংবিধান সংশোধন কৰি তৃতীয়টো কাৰ্যকালৰ বাবে ক্ষমতা হস্তগত কৰিবলৈ উদ্যত হোৱা চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙৰ বিগত এক দশকজোৰা কাৰ্যকালৰ ঘটনাৱলীলৈ লক্ষ্য কৰিলে ওলাই পৰে এনে এজন বিগ ব্ৰাদাৰৰ ভয়াৱহ ৰূপ । এই সময়ছোৱাত স্বেচ্ছাচাৰী কাৰ্যকলাপ এনেদৰে বৃদ্ধি পায় যে চীনত চৰকাৰৰ বাহিৰে আন যিকোনো কণ্ঠক ৰুদ্ধ কৰি পেলোৱা হৈছে । নাগৰিক সমাজৰ দ্বাৰা গঠিত আৰু পৰিচালিত সংস্থাসমূহ এনেদৰে বন্ধ কৰি দিয়া হৈছে যে ভৱিষ্যতে এইবোৰৰ পুনৰ গঠনৰ সম্ভাৱনাও মষিমূৰ হৈছে । সমাজৰ বিভিন্ন স্তৰৰ লোকক বিভিন্ন ধৰণে সহায়-সহযোগ আগবঢ়োৱা এনেবোৰ সংস্থা এৰি এইবোৰত জড়িতসকলে পৃষ্ঠভংগ দিবলৈ বাধ্য হৈছে; অথচ এইসকলৰ অধিকাংশই চৰকাৰ বিৰোধী স্থিতি প্ৰকাশ কৰা নাছিল । জিনপিঙে নাগৰিক সমাজৰ সৰু-বৰ আন্দোলন, স্বাধীন সংবাদ মাধ্যম আৰু আনকি শৈক্ষিক স্বাধীনতাও ধ্বংস কৰিছে ।

চীনা কমিউনিষ্ট পাৰ্টিৰ প্ৰতি যিকোনো ধৰণৰ ভাবুকি নিৰ্মূলৰ অজুহাতত এই সময়ছোৱাত বহু স্বেচ্ছাসেৱী সংস্থা, অধিকাৰ কৰ্মী আদিক ভাবুকি দি কণ্ঠৰোধ কৰা হৈছে অন্যথা কাৰাবাস অথবা নিৰ্বাসন দিয়া হৈছে । পৰিস্থিতি বেগতিক দেখি আন বহুতে স্বেচ্ছাই দেশ এৰি পলায়ন কৰিবলৈ বাধ্য হৈছে । এই সময়ছোৱাতে আৰক্ষীক ব্যাপক কতৃৰ্ত্ব প্ৰদান কৰা হৈছে, যাৰ দ্বাৰা সামাজিক কৰ্মী অথবা অধিবক্তা আদিৰ ওপৰত বিভিন্ন ধৰণে চাপ সৃষ্টি কৰা হৈছে । সামান্য অজুহাততে শ শ এনে লোকক গ্ৰেপ্তাৰ কৰা হৈছে । বিদেশী স্বেচ্ছাসেৱী সংস্থাসমূহৰ ওপৰতো বহু বাধা-নিষেধ আৰোপ কৰা হৈছে । প্ৰতিটো পদক্ষেপৰ পূৰ্বে সংশ্লিষ্ট আৰক্ষী-প্ৰশাসনক অৱগত কৰাটো বাধ্যতামূলক কৰা হৈছে । চৰকাৰী বিভাগৰ সহযোগতহে এনেবোৰ সংস্থাই যিকোনো কাম হাতত ল’ব পাৰে । ফলস্বৰূপে এনে সামাজিক প্ৰচেষ্টাসমূহ একপ্ৰকাৰ ব্যৰ্থতালৈ পৰ্যবসিত হৈছে । অৱশ্যে তাৰ মাজতো সকলো ধৰণৰ ভাবুকি সত্ত্বেও মুষ্টিমেয় একাংশই নিজৰ কাম কৰি যাবলৈ দৃঢ়প্ৰতিজ্ঞ হৈ ৰৈছে ।

আনকি বেইজিঙত এই দেওবাৰে আ]ম্ভ হোৱা চীনা কমিউনিষ্ট পাৰ্টিৰ ২০ সংখ্যক কংগ্ৰেছৰ দুদিন পূৰ্বে ৰাজধানী চহৰখনত হঠাতে ৰাষ্ট্ৰপতি জিনপিং বিৰোধী শ্ল’গান সম্বলিত বেনাৰৰ আত্মপ্ৰকাশত বিশ্বজুৰি চৰ্চা লাভ কৰে । ‘একনায়ক শাসক নালাগে, মুক্তি লাগে’ আদি শ্ল’গান লিখা বেনাৰ অৱশ্যে ততাতৈয়াকৈ আৰক্ষীয়ে আঁতৰাই নিয়ে যদিও ইতিমধ্যে ই ব্যাপকভাৱে প্ৰচাৰিত হয় । সামাজিক মাধ্যমতো ইয়াকে লৈ বিভিন্ন মতামত প্ৰকাশিত হয় যদিও চৰকাৰে তাৎক্ষণিকভাৱে সেইবোৰ বন্ধ কৰি দিয়ে আৰু কোনো ধৰণৰ প্ৰতিবাদৰ কথা অস্বীকাৰ কৰে ।

লক্ষ্যণীয় যে চীন আৰু কমিউনিষ্ট পাৰ্টিৰ সুৰক্ষাৰ অজুহাত দেখুৱালেও এনে স্বেচ্ছাচাৰিতাৰ আঁৰত দৰাচলতে জিনপিঙৰ ক্ষমতা সুনিশ্চিত কৰাৰ উদ্দেশ্যহে লুকাই আছে । সেই বাবেই দল আৰু চৰকাৰৰ শীৰ্ষ পদত সৰ্বাধিক দুটা কাৰ্যকাল অৰ্থাৎ ১০ বছৰ অধিষ্ঠিত হোৱাৰ নীতিৰ সংবিধান সংশোধন কৰি তেওঁ আজীৱন সেই পদ অধিকাৰ কৰাৰ সুবিধা কৰি লৈছে । সম্প্ৰতি তিনিটাকৈ সৰ্বোচ্চ পদ তেওঁ অধিকাৰ কৰি আছে । সেয়া হৈছে ক্ৰমে– সাধাৰণ সম্পাদকৰূপে চীনা কমিউনিষ্ট পাৰ্টিৰ মুৰব্বী, ৰাষ্ট্ৰপতিৰূপে দেশৰ মুৰব্বী আৰু চীনা কেন্দ্ৰীয় সামৰিক কমিছনৰ অধ্যক্ষৰূপে দেশৰ সামৰিক বাহিনীৰ কমাণ্ডাৰ ইন চিফ অৰ্থাৎ মুৰব্বী ।

বিগত এক দশকত জিনপিঙে এনেদৰে নিজকে চীনৰ সৰ্বশক্তিমান নেতাৰূপে প্ৰতিষ্ঠা কৰি লৈছে যে কোনো ধৰণৰ বাদ-প্ৰতিবাদ অথবা বিৰোধৰ তেওঁ ধৰা-ছোৱাৰ বাহিৰত । ইয়াৰ লগে লগে মাও চে তুঙৰ পাছত চীনৰ সবাতোকৈ শক্তিশালী নেতাৰূপে পৰিগণিত হৈছে জিনপিং । বহুতে অৱশ্যে চেয়াৰমেন মাওতকৈও জিনপিঙক অধিক স্বেচ্ছাচাৰী আখ্যা দি আহিছে । প্ৰত্যাশা অনুসৰি‌ তৃতীয়টো কাৰ্যকাল লাভ কৰিলে জিনপিঙে যে চীনক অধিক একনায়কত্ববাদী শাসনৰ দিশে টানি নিব তাৰ উল্লেখ নিষ্প্ৰয়োজন ।

জিনপিঙৰ পূৰ্বৰ ৰাষ্ট্ৰপতি হু জিনটাওৰ কাৰ্যকালত অৱশ্যে পৰিৱেশ বৰ্তমানৰ দৰে শ্বাসৰুদ্ধকৰ নাছিল আৰু সামাজিক কৰ্মীসকলে যথেষ্ট উন্নত পৰিৱেশত কাম কৰাৰ সুযোগ লাভ কৰিছিল । বিশেষকৈ ২০১৫ৰ পৰা চৰকাৰৰ কঠোৰতা দিনে দিনে বৃদ্ধি পাবলৈ ধৰে । পূবৰ্তে অনুমতি প্ৰদান কৰা কাৰ্যকলাপসমূহ নিষিদ্ধ কৰাতে ক্ষান্ত নাথাকি শৈক্ষিক ক্ষেত্ৰতো হস্তক্ষেপ বৃদ্ধি কৰা হয় । আনকি কৰ্মক্ষেত্ৰত নাৰীক হাৰাশাস্তিৰ বিৰুদ্ধে বিশ্বজুৰি আৰম্ভ হোৱা ‘মী টু’ আন্দোলন অথবা সমকামীৰ অধিকাৰ সম্পৰ্কীয় সজাগতা আন্দোলনো নিষিদ্ধ কৰি বহু কৰ্মী-সমৰ্থকক গ্ৰেপ্তাৰ কৰা হয় । লগতে বন্ধ কৰি দিয়া হয় সামাজিক মাধ্যমৰ বহু একাউণ্ট ।

অৱশ্যে জিনপিঙে মুৰব্বী পদত অধিষ্ঠিত হোৱাৰ পাছতে এনে কঠোৰতাৰ আগজাননী দিছিল । তেওঁৰ নেতৃত্বতে ২০১৩ত কমিউনিষ্ট পাৰ্টিয়ে সাংবিধানিক গণতন্ত্ৰ আৰু সংবাদ মাধ্যমৰ স্বাধীনতাক পশ্চিমীয়া উদাৰবাদী মূল্যবোধ আখ্যা দি এইবোৰক নিষিদ্ধ কৰাৰ পোষকতা কৰিছিল । এখন স্বাভাৱিক সমাজত বুদ্ধিজীৱীয়ে চৰকাৰৰ ভুল সিদ্ধান্তক লৈ প্ৰশ্ন উত্থাপন কৰাটো তেনেই স্বাভাৱিক ঘটনা যদিও সাম্প্ৰতিক চীনত সেয়া একপ্ৰকাৰ অকল্পনীয় । ৮০ৰ দশকত এনেবোৰ বিষয়ক লৈ চৰ্চা অথবা কিতাপ-পত্ৰ লিখাটো সম্ভৱ আছিল যদিও শেহতীয়া সময়ছোৱাত ইয়াক শত্ৰুভাবাপন্ন মতাদৰ্শৰূপেই গণ্য কৰা হৈ আহিছে । ইয়াৰ ফলশ্ৰুতিত চীনা বৌদ্ধিক ক্ষেত্ৰতো এনে হতাশাজনক পৰিবেশৰ সৃষ্টি হৈছে । জিনপিঙৰ চৰকাৰে ক্ষুদ্ৰ তথা নিম্নমানৰ সক্ৰিয়তা প্ৰদৰ্শন কৰা সকলকো লক্ষ্য কৰি লৈছে আৰু নিশ্চিত কৰিব বিচাৰিছে যাতে কোনো নতুন প্ৰজন্মৰ সামাজিক কৰ্মীৰ জন্মই নহয় । ২০২০ত ৰাষ্ট্ৰীয় সুৰক্ষা আইন গৃহীত কৰি চীনত যিকোনো ধৰণৰ গণতন্ত্ৰৰ সমৰ্থনকাৰী আন্দোলন অথবা বিৰোধ আদিক সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হয় । এই আইনৰ অধীনত এনে ধৰণৰ যিকোনো কাৰ্যকলাপত জড়িতসকলক বিচ্ছিন্নতাবাদ, হিংসা তথা বিদেশী শক্তিৰ স’তে জড়িত বুলি গণ্য কৰি যাৱজ্জীৱন কাৰাদণ্ড পৰ্যন্ত শাস্তি বিহাৰ ব্যৱস্থা কৰা হয় । এনেদৰেই বিগ ব্ৰাদাৰ জিনপিঙে বিশ্বৰ সবৰ্বৃহৎ জনসংখ্যাৰ দেশখনক অনায়াসে কুক্ষিগত কৰি ল’বলৈ সক্ষম হৈছে ।

জিনপিঙৰ এনেদৰে দ্ৰুত ক্ষমতা সঞ্চয়ৰ মূল চাবিকাঠি আছিল তেওঁৰ দুৰ্নীতি বিৰোধী অভিযান । এক দশক পূৰ্বে ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হোৱাৰ সময়তে তেওঁ ঘোষণা কৰিছিল যে দল আৰু চৰকাৰৰ অসৎ বিষয়া-কৰ্মচাৰীসকল, লাগিলে জ্যেষ্ঠ বাঘেই হওক অথবা নিম্ন পৰ্যায়ৰ মাখিয়েই হওক–সকলোকে তেওঁ উৎখাত কিৰিব । চৰকাৰী তথ্য অনুসৰি তেতিয়াৰে পৰা প্ৰায় ১৫ লাখ বিষয়া-কৰ্মচাৰীক দুৰ্নীতিৰ অপৰাধত শাস্তি প্ৰদান কৰা হৈছে । ইয়াৰে বহুতেই বাকীছোৱা জীৱনকাল কাৰাগাৰতে কটাবলগীয়া হৈছে ।

লক্ষ্যণীয় যে এনে দুৰ্নীতিবিৰোধী অভিযানক জিনপিঙে এক ৰাজনৈতিক অস্ত্ৰৰূপে ব্যৱহাৰ কৰি তেওঁৰ ৰাজনৈতিক প্ৰতিদ্বন্দ্বীসকলকো মষিমূৰ কৰিছে । আনকি ৰাজনৈতিক উচ্চাকাংক্ষাৰ উমান পালে নিজৰ অতি ঘনিষ্ঠ নেতা অথবা বিষয়াকো জিনপিঙে ধৰাশায়ী কৰিবলৈ সামান্যও কুণ্ঠাবোধ কৰা নাই । তদুপৰি এই সময়ছোৱাত দেশৰ সংখ্যালঘুসকলৰ ওপৰত চলা নিৰ্যাতনৰ কথা নক’লোৱেই বা !

অৱশ্যে এই কথাও ঠিক যে এক দশক পূৰ্বে ২০১২ত অনুষ্ঠিত চীনা কমিউনিষ্ট পাৰ্টিৰ ১৮ সংখ্যক কংগ্ৰেছত জিনপিঙে পাৰ্টিৰ সাধাৰণ সম্পাদক তথা দেশৰ ৰাষ্ট্ৰপতি পদৰ বাঘজৰী হাতত লোৱাৰ সময়ত ৰাজনৈতিক দুৰ্নীতিয়ে এক লজ্জাজনক পৰিৱেশৰ সৃষ্টি কৰিছিল । তেনে পৰিৱেশে জিনপিঙলৈ অধিক সুযোগ আনি দিছিল; কিয়নো পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে দলৰ জ্যেষ্ঠ নেতাসকলে তেওঁক পূৰ্ণ ক্ষমতা প্ৰদান কৰিবলৈ বাধ্য হৈছিল । ক্ষমতাত আৰোহণৰ লগে লগে দুৰ্নীতিবিৰোধী অভিযান আৰম্ভ কৰি কমিউনিষ্ট পাৰ্টিৰ সদস্যসকলৰ বাবে কঠোৰ নীতি-নিয়ম নিৰ্ধাৰণ কৰি দিয়াত দেশৰ জনসাধাৰণে তাক আদৰণি জনাইছিল ।

দীৰ্ঘদিন ধৰি পাৰ্টিৰ একাংশ দুৰ্নীতিগ্ৰস্ত বিষয়ববীয়াই আহৰণ কৰা ধন-সম্পত্তিৰ পৰিমাণ দেখি সাধাৰণ জনতা হতাশ আৰু ক্ষুণ্ণ হৈ আছিল । দুৰ্নীতিবিৰোধী অভিযানে সমগ্ৰ বিশ্বজুৰি সদায়ে সাধাৰণ জনতাৰ সমৰ্থন লাভ কৰি আহিছে আৰু চীনো ইয়াৰ ব্যতিক্ৰম নহয়, লাগিলে তাৰ অন্তৰ্নিহিত উদ্দেশ্য যিয়েই নহওক । ইয়াৰ সুযোগ লৈ জিনপিঙে এক গুলিত একাধিক চিকাৰ ধৰাশায়ী কৰাৰ কৌশল ৰূপায়ণ কৰি আহিছে । সেইবাবেই নিজৰ শাসনৰ কালছোৱাক এক নতুন যুগৰূপে প্ৰতিষ্ঠা কৰিবলৈ জিনপিঙে চেষ্টাৰ কোনো ত্ৰুটি কৰা নাই । তাৰ বাবে মূল চহৰসমূহত চীনৰ উন্নয়নৰ এক নতুন যুগৰ ব্যাপক প্ৰচাৰ চলোৱা হৈছে । আনকি যোৱা বছৰ কমিউনিষ্ট পাৰ্টিয়ে গ্ৰহণ কৰা এক ‘ঐতিহাসিক প্ৰস্তাৱ’তো ইয়াৰ ইংগিত দিয়া হয় । তাত স্পষ্টভাৱেই কোৱা হয় যে জিনপিঙে দায়িত্ব গ্ৰহণৰ সময়ত দুৰ্বল আৰু শিথিল পৰিচালনাই কমিউনিষ্ট পাৰ্টিত নিশ্চয়তাৰ সমান্তৰালভাৱে দুৰ্নীতিয়ে গা কৰি উঠাত অৰিহণা যোগাইছিল ।

ফলস্বৰূপে ই ৰাজনৈতিক ক্ষেত্ৰত সমস্যাৰ সৃষ্টি কৰাই নহয়, পাৰ্টি আৰু জনসাধাৰণৰ মাজৰ সম্পৰ্কও বিনষ্ট কৰি পেলাইছিল । তাৰ উপৰি পাৰ্টিত সৃষ্টিশীলতা, সংহতি আৰু সামৰ্থক দুৰ্বল কৰি দেশৰ শাসন ব্যৱস্থাত বিৰূপ প্ৰভাৱ পেলাইছিল । জিনপিঙৰ ‘নতুন যুগ’ৰ দাবীক অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে উল্লিখিত প্ৰস্তাৱত ঘোষণা কৰা হয় যে দীৰ্ঘদিন ধৰি কৰ্মসূচীত থকা বহু কঠিন সমস্যা তেওঁ সমাধান কৰিছে, যিবোৰ কেতিয়াও সম্ভৱ হোৱা নাছিল আৰু বহুতো নতুন কাম তেওঁ সফলতাৰে সম্পন্ন কৰিছে, যিবোৰ কৰিব বিচৰা হৈছিল; কিন্তু কেতিয়াও কৰা হোৱা নাছিল । গতিকে পূবৰ্তে চীনা কমিউনিষ্ট পাৰ্টিৰ ৰাজনীতিত যি বাওঁপন্থী-সোঁপন্থী বিভাজন আছিল অথবা কোনো ধৰণৰ মতাদৰ্শগত বিভ্ৰান্তি আছিল, সেই সকলোবোৰ যেন এই এটা দশকতে নাইকিয়া হৈছে । তেওঁৰ এই তথাকথিত ‘নতুন যুগ’ত সকলো কথাৰ আৰম্ভ আৰু শেষ হৈছে জিনপিঙতেই ।

এনেদৰে আজি দেশে দেশে, ঘৰে ঘৰে বিগ ব্ৰাদাৰৰ দৌৰাত্ম্য পদে পদে অনুভৱ কৰিবলগীয়া হৈছে নাগৰিকে । চীন-ৰাছিয়া আদিৰ কথা বাদেই, ভাৰতৰ দৰে গণতান্ত্ৰিক দেশতো আজিৰ পৰিৱেশ চিন্তনীয় । কঠোৰ আইন বলবৎ কৰি হওক, কৰ-কাটলৰ হেঁচাৰে হওক, অথবা শক্তি প্ৰয়োগ কৰিয়ে হওক, নাগৰিক সমাজ আৰু স্বাধীন সংবাদ মাধ্যমক শক্তিহীন কৰি পেলোৱাৰ চেষ্টা চলোৱা হৈছে । বিগ ব্ৰাদাৰৰ ইচ্ছাৰ বিৰুদ্ধে যোৱা যিকোনো শক্তিক কৌশলেৰে মষিমূৰ কৰি শাসন ক্ষমতা এদনীয়া কৰিব বিচৰা হৈছে । অৱশ্যে পূৰ্বৰ দৰে অভ্যুত্থান ঘটাই একনায়কত্ববাদী শাসন প্ৰতিষ্ঠাৰ বিপৰীতে সম্প্ৰতি আপাত দৃষ্টিত গণতান্ত্ৰিক প্ৰক্ৰিয়াৰেই নিৰ্বাচিত হৈছে চৰকাৰ; কিন্তু এনে গণতান্ত্ৰিক ব্যৱস্থাত জনগণৰ মতামত মূল্যহীন । তেওঁলোকক কেৱল ভোটদান কৰা ৰ’ব’টত পৰিণত কৰা হৈছে । ফলস্বৰূপে দেশৰ পৰিস্থিতি যিয়েই নহওক, শাসন ক্ষমতা বিগ ব্ৰাদাৰেই বাৰে বাৰে হস্তগত কৰিছে । ইতিমধ্যে ইউৰোপৰ কে’বাখনো দেশত উগ্ৰ সোঁপন্থী দলে ক্ষমতা হস্তগত কৰিছে । দুৰ্ভাগ্যজনকভাৱে এনে বিপজ্জনক প্ৰৱণতা অধিক সংখ্যক দেশলৈ বিস্তাৰিত হ’বলৈ ধৰিছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: ChinaDainik Agradootpranjal sen dekaThe Great DictatorXi Jinping
publisher

publisher

Related Posts

Opinion : কংগ্ৰেছৰ আৰু কিমান দিন?
Opinion

Opinion : কংগ্ৰেছৰ আৰু কিমান দিন?

April 24, 2023
Opinion : দুৰ্নীতিবিৰোধী চেম্পিয়ন!
Opinion

Opinion : দুৰ্নীতিবিৰোধী চেম্পিয়ন!

April 19, 2023
Opinion : কালৈ ভাবুকিৰ সৃষ্টি কৰিছে ৰাহুল গান্ধীয়ে?
Opinion

Opinion : কালৈ ভাবুকিৰ সৃষ্টি কৰিছে ৰাহুল গান্ধীয়ে?

March 27, 2023
Opinion: কোনেও দৃষ্টান্ত দাঙি ধৰিব কিয় নোৱাৰিলে?
Opinion

Opinion: কোনেও দৃষ্টান্ত দাঙি ধৰিব কিয় নোৱাৰিলে?

March 20, 2023
Opinion : অনিবার্য বিপদ সত্ত্বেও উপেক্ষা
Opinion

Opinion : অনিবার্য বিপদ সত্ত্বেও উপেক্ষা

March 14, 2023
Opinion : জাতীয় সমস্যা যেতিয়া ন্যস্তস্বার্থ পূৰণৰ মাধ্যম
Opinion

Opinion : জাতীয় সমস্যা যেতিয়া ন্যস্তস্বার্থ পূৰণৰ মাধ্যম

March 13, 2023
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d