DEBAJI SAIKIA OFFICIALLY NAMED BOARD’S JOINT SECY : বিচিচি আইৰ যুটীয়া পদত অধিষ্ঠিত দেৱজিৎ শইকীয়া

বিচি চি আই নতুন সভাপতি ৰ'জাৰ বিন্নী , জয় শ্বাহ পুনৰ সম্পাদক ৰূপে নিৰ্বাচিত

WhatsApp Image 2022 10 18 at 15.17.43

DEBAJI SAIKIA OFFICIALLY NAMED BOARD’S JOINT SECY :বিনা প্ৰতিদ্বন্দ্ব্বিতাৰে দেৱজিৎ শইকীয়া নিৰ্বাচিত হ’ল বিশ্বৰ চহকী ক্ৰিকেট সন্থা ‘ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ পৰিষদৰ’ যুটীয়া সম্পাদকৰ পদত ৷ আজি মায়ানগৰী মুম্বাই স্থিত তাজ হোটেলৰ সভাগৃহত অনুষ্ঠিত বিচি চি আই বিশেষ গুৰুত্বপূৰ্ণ বৈঠকত শইকীয়াক নিৰ্বাচিত কৰা হয় ৷

উল্লেখ্য যে দেৱজিৎ শইকীয়া অসম ক্ৰিকেট সন্থাৰ সম্পাদকৰ লগতে অসম চৰকাৰৰ মহাধিবক্তা ৰূপে কাৰ্যনিৰ্বাহ কৰি আছে ৷ বিচি চি আইৰ যুটীয়া পদত অধিষ্ঠিত হোৱা শইকীয়া প্ৰথমজন অসমীয়া ৷

আনহাতে বিচি চি আই ৰ সভাপতি ৰূপে বিনা প্ৰতিদ্বন্দ্ব্বিতাৰে নিৰ্বাচিত হয় প্ৰৱীণ ক্ৰিকেটাৰ ৰ’জাৰ বিন্নী ৷ বিন্নী ১৯৮৩ বৰ্ষৰ বিশ্বকাপ ক্ৰিকেট জয়ী ভাৰতীয় টিমটোৰ অন্যতম সদস্য আছিল ৷ একেদৰে বিচি চি আই সম্পাদকৰ পদত পুনৰবাৰ নিৰ্বাচিত হয় জয় শ্বাহ ৷ শ্বাহ দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ পুত্ৰ ৷

ইপিনে বিচি চি আই উপ- সভাপতি পদত ৰাজীৱ শুক্লা,কোষাধ্যক্ষ পদত আশিষ শ্বেলাৰ নিৰ্বাচিত হয় ৷  আই পি এলৰ নতুন মুৰব্বী ৰূপে নিৰ্বাচিত হয় অৰুণ ধুমল ৷
আটাইকেইগৰাকীকে আজি বিচি চি আই ৰ গুৰুত্বপূৰ্ণ বৈঠকত সৰ্বসন্মতিক্ৰমে নিৰ্বাচিত কৰা হয় বুলি এক বিবৃতিত সদৰি কৰিছে বিচি চি আই- এ ৷

Exit mobile version