RAUNAK ALI HAZARIKA HOUSE RAID IN E D : নিলম্বিত ডিআইজি ৰৌনক আলী হাজৰিকাৰ বাসগৃহত ইডিৰ অভিযান

WhatsApp Image 2022 10 20 at 18.31.52

RAUNAK ALI HAZARIKA HOUSE AID IN E D : উচ্চতম ন্যায়ালয়ে জামিন মঞ্জুৰ কৰাৰ কেইদিনমানৰ পিছত আজি প্ৰৱৰ্তন সঞ্চালকালয়ে বিতৰ্কিত অসম আৰক্ষীৰ নিলম্বিত উপ মহাপৰিদৰ্শক ৰৌনক আলী হাজৰিকাৰ বাসগৃহ অভিযান চলায়। ইডিৰ বিষয়াই ৰৌনক আৰু তেওঁৰ পত্নীক সোধপোছ কৰে ৷

উল্লেখ্য যে ইডিৰ গুৱাহাটীস্থ আঞ্চলিক কাৰ্যালয়ে নতুন দিল্লীস্থ সদৰ কাৰ্যালয়ৰ পৰা ৰৌনকৰ সম্পত্তিৰ তালিকা আৰক্ষীৰ পৰা আহৰণ কৰাৰ পিছতে আজি অভিযান চলাই নিলম্বিত আৰক্ষী বিষয়াজনৰ গৃহত ।

মনকৰিবলগীয়া যে মুখ্যমন্ত্ৰীৰ ভিজিলেন্স চেলে যোৱা বছৰ ৰৌনকক আটক কৰিছিল ৷ আনহাতে আৰু এই বছৰৰ আৰম্ভণিতে আদালতত শুনানী হৈ থকা আয় বহিৰ্ভুক্ত সম্পত্তিৰ গোচৰৰ সন্দৰ্ভত ১৫৬ পৃষ্ঠাৰ চূড়ান্ত অতিৰিক্ত অভিযোগপত্ৰ দাখিল কৰিছিল চিএম ভিজিলেন্স ।

Exit mobile version