Jorhat Truck Terminus : নগৰৰ মাজমজিয়াৰ পৰা ট্ৰাক ষ্টেণ্ড আইলামুখীয়াৰ ট্ৰাক টাৰ্মিনাছলৈ স্থানান্তৰৰ পথ প্ৰশস্ত

উপায়ুক্ত-জে ডি এ-ৰ সভাপতিৰ উদ্যোগত আঢ়ৈ দশকজোৰা অচলাৱস্থাৰ অৱসান, পট্টাদাৰক ক্ষতিপূৰণ প্ৰদানৰ প্ৰক্ৰিয়া আৰম্ভ

4036b924 e823 11e9 a359 ca747f906345 1570383926479 1570384135606

Jorhat Truck Terminus :

সুদীৰ্ঘ ২৫ টা বছৰে ক্ষতিপূৰণ লাভ কৰাৰ পৰা বঞ্চিত হৈ থকা ট্ৰাক টাৰ্মিনাচৰ বাবে অধিগ্ৰহণ কৰা ভূমিৰ গৰাকীয়ে অতি শীঘ্ৰে লাভ কৰিব তেওঁলোকৰ প্ৰাপ্য । ইতিমধ্যে ৬৩ গৰাকী পট্টাদাৰক তেওঁলোকৰ অধিগৃহিত ভূমিৰ বাবদ ধার্য কৰা ১০ কোটি ১৭ লাখ টকা সাজু তোলাৰ উপৰি যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ হৈছে ।

অতি কম দিনৰ ভিতৰতে মাটিৰ গৰাকীসকলক ক্ষতিপূৰণৰ ধন প্ৰদান কৰা হ’ব বুলি দৈনিক অগ্ৰদূতক জনাইছে জিলাৰ উপায়ুক্ত অশোক কুমাৰ বৰ্মনে ।

উল্লেখযোগ্য যে ১৯৯৭ তে যোৰহাট উন্নয়ন প্ৰাধিকৰণে (জে ডি এ) নগৰৰ মাজমজিয়াৰ পৰা ট্ৰাক ষ্টেণ্ডটো স্থানান্তৰ কৰা উদ্দেশ্যে নগৰৰ পূৱ দিশৰ কেন্দুগুৰি বাইপাছৰ সমীপৰ আইলামুখীয়াত ৬৩ জন কৃষকৰপৰা ৭৮ বিঘা এক কঠা ১৯ লোচা কৃষি ভূমি অধিগ্ৰহণ কৰা হয় । কিন্তু দীৰ্ঘম্যাদী পৰিকল্পনা আৰু সময় সাপেক্ষ সিদ্ধান্তৰ অভাৱত অধিগৃহিত ভূমিৰ গৰাকী আৰু জে ডি এ-ৰ মাজত আৰম্ভ হয় সংঘাতৰ । বিষয়টো গৈ আদালতৰ মজিয়াও পায়গৈ । পৰিণতিত বহু কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ হ’বলগীয়া অভিলাষী ট্ৰাক টাৰ্মিনাচ প্ৰকল্পৰ ভৱিষ্যত অন্ধকাৰাছন্ন হৈ পৰে ।

কিন্তু শেহতীয়াকৈ জিলা উপায়ুক্ত অশোক কুমাৰ বৰ্মন আৰু জে ডি এ-ৰ সভাপতি প্ৰশান্তজ্যোতি গোস্বামীৰ তৎপৰতাত ক্ৰমে অচল মুদ্ৰাত পৰিণত হোৱা যোৰহাটবাসীৰ বহু আকাংক্ষিত ট্ৰাক টাৰ্মিনাছৰ বিষয়টোৱে সাৰ পাই উঠে আৰু একে সময়তে দুটাকৈ জ্বলন্ত সমস্যা সমাধানৰ দিশে আগবাঢ়িছে । সকলো ঠিকে থাকে থাকিলে অহা দুটা বছৰৰ ভিতৰত নগৰৰ এটা আহুকলিয়া সমস্যা চিৰ দিনৰ বাবে নাইকিয়া হৈ পৰিব ।

মনকৰিবলগীয়া যে ১৯৯৭ত অধিগ্ৰহণ কৰা ভূমিৰ গৰাকী তথা দুখীয়া কৃষকসকলে জে ডি এ-ৰ তদানীন্তন কৰ্তৃপক্ষৰ ভুলৰ বাবে বিগত সময়ত ভূমিৰ ক্ষতিপূৰণ লাভ কৰাৰ পৰা বঞ্চিত হৈ আছিল । ২০১৩তে গুৱাহাটী উচ্চ ন্যায়ালয়ে ভূমিৰ গৰাকীক ক্ষতিপূৰণ দিবলৈ নির্দেশ দিয়ে যদিও পুঁজিৰ অভাৱকে ধৰি বিভিন্ন অজুহাতত সেয়া কাৰ্যকৰী হৈ উঠা নাছিল । অৱশ্যে ৰাজ্য চৰকাৰে ক্ষতিপূৰণ দিবলৈ দুই কোটি টকা আগবঢ়াইছিল যদিও অৱশিষ্ট আঠ কোটি ১৭ লাখ টকা সংগ্রহ কৰিব পৰা নাছিল সেই সময়ৰ জে ডি এ কৰ্তৃপক্ষই ।

কিন্তু গোস্বামীয়ে জে ডি এৰ সভাপতিৰ দায়িত্ব লোৱাৰ পাছৰে পৰা ছবিখন সম্পূৰ্ণৰূপে সলনি হৈ পৰে । বছৰৰ পাছত বছৰ মাহেকীয়া দৰমহাৰ পৰা বঞ্চিত জে ডি এ-ৰ কৰ্মচাৰীক এতিয়া কেৱল নিয়মীয়াকৈ দৰমহা দিয়াই নহয়, সপ্তম দৰমহা আয়োগৰ প্ৰতিবেদন অনুসৰি দৰমহা দি থকা হৈছে ।

ৰাজহ সংগ্ৰহৰ পৰিমাণো অভাৱনীয় হাৰত বৃদ্ধি পায় । যাৰ বাবে ক্ষতিগ্ৰস্ত পট্টাদাৰক দিবলৈ নিজা উৎসৰ পৰা আঠ কোটি ১৭ লাখকৈ টকা জমা কৰিবলৈ সক্ষম হৈছে জে ডি এ ।

জে ডি এ-ৰ এই অভূতপূৰ্ব উত্তৰণৰ বাবেই দীৰ্ঘদিন ধৰি প্ৰাপ্যৰ পৰা বঞ্চিত হৈ থকা পট্টাদাৰে ক্ষতিপূৰণ লাভ কৰিবলৈ সক্ষম হোৱাৰ সমান্তৰালকৈ নগৰৰ মাজমজিয়াৰ ট্ৰাক ষ্টেণ্ড স্থানান্তৰ কৰা আৰু আইলামুখীয়াত বহু চৰ্চিত ট্ৰাক টাৰ্মিনাছ মুকলি হোৱাটো নিশ্চিত হৈ পৰিলে ।

জে ডি এ-ৰ সভাপতি গোস্বামীয়ে দৈনিক অগ্ৰদূতক জনোৱা মতে, আগন্তুক ২০২৪ৰ প্ৰথম ভাগত টাৰ্মিনাছটো মুকলি কৰাৰ সময়-সীমা স্থিৰ কৰা হৈছে আৰু সেই লক্ষ্যৰে টাৰ্মিনাছৰ চৌহদত ৮০টাকৈ গুদাম ঘৰ নিৰ্মাণৰ বাবে নিৰ্ধাৰিত মাটি আবণ্টন দিয়া হয় ।

অহা ডিচেম্বৰত গুদাম নিৰ্মাণৰ বাবে মাটি গৰাকীক চমজাই দিয়া হ’ব বুলি উল্লেখ কৰি গোস্বামীয়ে কয় যে দুটা বছৰৰ ভিতৰত গুদামসমূহৰ নিৰ্মাণ হৈ উঠিব বুলি আশা কৰা হৈছে ।

উল্লেখযোগ্য যে ট্ৰাক টাৰ্মিনাছটোৰ আভ্যন্তৰীণ বাট-পথ, গুড্‌ছ য়াৰ্ডকে ধৰি কিছু আন্তঃগাঁথনিগত কাম ইতিপূৰ্বে সম্পূৰ্ণ হৈ আছে । বাকী আছিল মাথোঁ গুদাম নিৰ্মাণৰ কাম । এতিয়া সেই প্ৰক্ৰিয়া আৰম্ভ হৈছে ।

গুদামসমূহ সাজু হৈ উঠা মানেই ট্ৰাক টাৰ্মিনাছ আৰম্ভ হোৱা । সেয়া হৈ উঠিলেই যোৰহটীয়া ৰাইজৰ বহুদিনীয়া এটা সপোন দিঠকত পৰিণত হ’ব ।

Exit mobile version