Juggling the Dice : দীপাৱালীৰ প্ৰতি লক্ষ্য ৰাখি জুৱাৰীৰ বিৰুদ্ধে ৰাজ্যজুৰি আৰক্ষীৰ অভিযান

চাৰি দিনত মহানগৰীত উৎখাত ১৩৬ জুৱাৰ ঘাটি

WhatsApp Image 2022 10 22 at 21.10.56

Juggling the Dice :

দীপাৱালীলৈ মাজত মাত্ৰ এটা দিন থকা অৱস্থাত গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ বহু অঞ্চলত অবৈধ জুৱাৰ আড্ডা গঢ়ি উঠাৰ সম্ভেদ পাই ইতিমধ্যে ৰাজ্যজুৰি আৰক্ষীয়ে আৰম্ভ কৰিছে জুৱা বিৰোধী অভিযান ৷

কেৱল ৰাজ্যৰ ৰাজধানী চহৰখনত যোৱা চাৰি দিনত আৰক্ষীয়ে অৰ্তকিতে অভিযান চলাই উৎখাত কৰে শতাধিক জুৱাৰ ঘাটি ৷ শনিবাৰে দুপৰীয়া হাতীগাঁও আৰক্ষী থানাৰ অন্তৰ্গত বশিষ্ঠপুৰ বাইলেন ২ৰ চিজুবাৰী অঞ্চলত পূব গুৱাহাটী আৰক্ষী জিলাৰ এটা আৰক্ষী দলে অভিযান চলাই ৪ জন কুখ্যাত জুৱাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷

ধৃত জুৱাৰী কেইটা হ’ল চাংসাৰীৰ ভূৱনেশ্বৰ নাথ , নলবাৰীৰ মাজনুল আলী, ৰফিকুল ইছলাম৷ ধৃত জুৱাৰী কেইটাৰ পৰা ড্ৰাইছ, টিকট, আপত্তিজনক কাগজপত্ৰ আৰু নগদ ৪৩৯০ টকা জব্দ কৰে ।

আনহাতে ১৮ অক্টোবৰত ধুবুৰী আৰক্ষীয়ে জিলাখনৰ বিভিন্ন স্থানত অভিযান চলাই এঘাৰজন জুৱাৰীক জুৱাৰ সামগ্ৰী আৰু নগদ ৬৬৬০ টকা সহ আটক কৰে ৷

উল্লেখ্য যে প্ৰতিবৰ্ষত দীপাৱলীৰ সময়ত মহানগৰৰ বহু অভিজাত হোটেল ,ৰেষ্টুৰা ,এপাৰ্টমেণ্ট , ব্যৱসায়ীস্থল, লগতে পাশ্বৱৰ্তী ৰিৰ্জট সমূহত জুৱা খেল অনুষ্ঠিত হয়৷ মহানগৰ আৰক্ষীয়ে এইবাৰ তীক্ষ্ণ দৃষ্টি নিক্ষেপ কৰিছে উল্লিখত স্থানসমূহত ৷

Exit mobile version