Air pollution :
কঠোৰ ডায়েট আৰু শৰীৰচর্চা কৰাৰ পাছতো বহু সময়ত মহিলাসকলৰ ওজনত তাৰ কোনো প্রভাৱ পৰা নাই । মধ্য বয়সত মহিলাসকলৰ হঠাৎ ওজন বৃদ্ধিৰ নানা কাৰণ থাকে ।
কিন্তু গৱেষণা মতে, যিসকল মহিলা প্ৰদূষিত অঞ্চলত থাকে, অর্থাৎ, যিসমূহ অঞ্চলত বতাহত সূক্ষ্ম ধূলিকণাৰ পৰিমাণ, বিশেষকৈ নাইট্র”জেন ডাই-অক্সাইড আৰু ওজনৰ ভাগ বেছি, সেইসকল অঞ্চলৰ মহিলাৰ ওজন বৃদ্ধিৰ হাৰ সৰ্বাধিক ।
বিভিন্ন দেশেৰ ১৬৫৪ গৰাকী মহিলাৰ ওপৰত আঠ বছৰ ধৰি চলা গৱেষণাৰ পাছত এই সিদ্ধান্তত উপনীত হৈছে মিছিগান বিশ্ববিদ্যালয়ৰ গৱেষক জিং ছিঙে ।
গৱেষণাপত্রত তেওঁ উল্লেখ কৰিছে, বায়ুদূষণৰ লগত ওজন বৃদ্ধিৰ কোনও যোগসূত্ৰ আছে নে নাই, সেয়া জানিবৰ বাবে আঠ বছৰ ধৰি ৪০ৰ পৰা ৫০ বছৰ বয়সৰ এই নির্দিষ্ট মহিলাসকলৰ ঘৰ আৰু তেওঁৰ আশপাশৰ অঞ্চল প্ৰদূষণৰ মাত্রা পৰিমাপ কৰা হয় ।
প্ৰদূষণৰ সান্নিধ্যত আহিলে যে, মহিলাসকলৰ শৰীৰত মেদৰ পৰিমাণ প্রায় ৪.৫ শতাংশ বাঢ়ি যায় তাৰ সন্ধান পোৱা গৈছে এই গৱেষণাৰ পৰাই ।
যদিও এই গৱেষণা মূলত মধ্যবয়সৰ মহিলাসকলক কেন্দ্র কৰি কৰা হৈছে, সেৰে কম বয়সৰ ছোৱালী বা ল’ৰাৰ ওপৰত তাৰ কেনেধৰণৰ প্রভাৱ পৰে, সেই সম্পর্কে একো জানিব পৰা নাই ।